নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে মৰিয়নিৰ প্ৰতিষ্ঠিত ঔষধ বিক্ৰেতা প্ৰতিষ্ঠান নিবেদিতা মেডিকেলেঃ ১৫ৰো অধিক যুৱক-যুৱতীক সংস্থাপন

বিশেষ বাৰ্তা, ১ আগষ্টঃ বৃহত্তৰ মৰিয়নি অঞ্চলৰ অগ্ৰণী আৰু প্ৰতিষ্ঠিত ঔষধ বিক্ৰেতা প্ৰতিষ্ঠান নিবেদিতা মেডিকেলে প্ৰতিষ্ঠাৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে। ১৯৯৭ চনৰ পহিলা আগষ্টত আৰম্ভ হোৱা এই প্ৰতিষ্ঠানখন সম্প্ৰতি সমগ্ৰ মৰিয়নিৰ লগতে ইয়াৰ দাঁ‌তি কাষৰীয়া অঞ্চলসমূহৰ মাজতো উল্লেখনীয় ঔষধ বিক্ৰেতা হিচাপে পৰিগণিত হৈছে। মৰিয়নি আৰু ইয়াৰ দাঁ‌তি কাষৰীয়া অঞ্চলৰ ৰাইজৰ বাবে যথেষ্ট সুবিধা হোৱা নিবেদিতা মেডিকেল এতিয়া অন্যতম জনপ্ৰিয় ঔষধ বিক্ৰেতা প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত হৈছে। ৰাইজৰ মুখে মুখে প্ৰতিষ্ঠানখনৰ নাম। ৰোগীক প্ৰয়োজনীয় প্ৰায় সকলো ঔষধেই উপলব্ধ এই প্ৰতিষ্ঠানত। ঔষধ উপলব্ধ নহ’লেও তেওঁলোকে ৰোগীৰ সুবিধাৰ্থে আনি দিয়াৰ ব্যৱস্থাও কৰে। প্ৰতিষ্ঠানখনৰ গৰাকী যুৱ ব্যৱসায়ী প্ৰদীপ দাস এগৰাকী সৰবৰহী ব্যক্তি। মৰিয়নি চেম্বাৰ্চ অৱ কমাৰ্চৰ সম্পাদক পদত থকা প্ৰদীপ দাস সম্প্ৰতি মৰিয়নি পৌৰসভাৰো উপ-পৌৰপতি হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে। লক্ষণীয় যে, নিবেদিতা মেডিকেলে ৰাইজৰ সুবিধাৰ্থে তেওঁলোকৰ দুই ভগ্নী প্ৰতিষ্ঠান নিবেদিতা অ’পটিকেল আৰু নিবেদিতা এক্স ৰে চেন্টাৰৰো স্থাপন কৰিছে। তাৰোপৰি ৰক্ত পৰীক্ষাৰ বাবে এটা ৰক্ত সংগ্ৰহ কেন্দ্ৰও চলি আছে। কেউটা প্ৰতিষ্ঠানতে প্ৰায় ওঠৰ গৰাকীকৈ যুৱক যুৱতীক সংস্থাপনো দিছে প্ৰতিষ্ঠানটোৱে। কেবাগৰাকীও বিশিষ্ট চিকিৎসকে নিয়মীয়াকৈ সেৱা আগবঢ়াই আহিছে। আনহাতে, একাধিক সামাজিক কামকাজো কৰি আহিছে প্ৰতিষ্ঠানটোৱে। উল্লেখযোগ্য যে বিগত ক’ভিড সৃষ্ট পৰিবেশৰ সময়ত ক’ভিড আক্ৰান্ত লোকৰ ঘৰে ঘৰে বিনামূলীয়াকৈ ঔষধ যোগান ধৰিছিল। যাৰ ফলত বহুলোক উপকৃত হৈছিল। প্ৰতিষ্ঠানটোৰ গৰাকী, যুৱ ব্যৱসায়ী প্ৰদীপ দাসে জানিবলৈ দিয়া মতে ৰূপালী জয়ন্তী বৰ্ষটোৱে একাধিক কাৰ্য্যসূচীৰ পৰিকল্পনা হাতত লৈছে। তেওঁ ৰাইজৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ৰাইজ সুবিধাৰ বাবে গ্ৰহণ কৰিবলগীয়া এনে কাৰ্য্যসূচীত ৰাইজৰ সহযোগিতাও কামনা কৰিছে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like