নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাই চন্দ্ৰপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা; দুজন গুৰুতৰ ভাৱে আহত; এজন সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ

নিয়মীয়া বাৰ্তা, ১ আগষ্ট: জোনাইৰ চন্দ্ৰপুৰৰ 515 নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব‌ পৰামতে অৰুণাচল আলৰ পৰা ইটানগৰ অভিমূখে এজন যুৱক M 15 বাইকেৰে গৈ আছিল ৷পালছাৰ বাইক আৰোহীজনে আগে আগে গৈ থকা Yamaha M 15 বাইক আৰোহীজনক পিছফালৰ পৰা খুন্দা মৰাৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।

দুৰ্ঘটনাত তিনিজন লোক গুৰুতৰ বাবে আহত হয়। আহত লোক তিনিজন ক্ৰমে অৰুনাচল প্ৰদেশৰ West Siang জিলাৰ মৰি দিউম (24) জোনাইৰ জোনেকাৰেং ললিতি মৰাং গাঁৱৰ ভাইটী মৰাং (25) আৰু বুদবৰ কুটুম (26) নাহৰ চুমইমাৰিৰ বুলি জানিব পৰা গৈছে।

আহত লোক দুজনক ততাতৈয়াকৈ অৰুণাচল ৰুকচিনৰ দীপজনী নাৰ্ছিংহোমত ভৰ্তি কৰোৱা হয়। যদিও সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ ভাৱে ভাইটী মৰাংক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

You might also like