নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“সনাতন হিন্দু ধৰ্ম জীয়াই থকালৈকে ধৰ্মনিৰপেক্ষতা জীয়াই থাকিব”- ডঃ হিমন্ত বিশ্ব শৰ্মা

পাঠশালাৰ ৰাস মহোৎসৱ উদ্বোধন মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ।

পাঠশালা, ১২ নৱেম্বৰঃ “ৰাস পূৰ্ণিমাৰ পৱিত্ৰ ক্ষণত আমি মূৰ দোঁৱাই আমাৰ পৰমপিতা কৃষ্ণক আমাৰ জীৱনৰ লগত সংলগ্ন কৰি লোৱাৰ অভিপ্ৰায়েৰে আমি ৰাস পূৰ্ণিমাত অংশগ্ৰহণ কৰিব লাগে ।”- এই মন্তব্য ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । পাঠশালাৰ ভগৱতী ক্ষেত্ৰত শ্ৰীকৃষ্ণৰ ৪৪ সংখ্যক ৰাস মহোৎসৱ উদযাপনৰ দ্বাৰ উদঘাটন কৰি মন্ত্ৰী ডঃ শৰ্মাই পৱিত্ৰ ৰাস পূৰ্ণিমা উপলক্ষত পাঠশালা ৰাস মহোৎসৱৰ পৰাই অসমবাসীক ৰাস পূৰ্ণিমাৰ অভিনন্দন জনাই । অসমৰ নাট্য আৰু শিক্ষানগৰী হিচাপে পৰিচিত পাঠশালা আমাৰ ৰাজ্যখনৰ ভিতৰতে উন্নত নগৰত পৰিণত কৰাৰ বাবে ইতিমধ্যে বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে বুলি তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে । উল্লেখ্য যে এই অনুষ্ঠানত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিৰিঞ্চি কপমাৰ দাস, বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, স্থানীয় বিধায়ক পবিত্ৰ ডেকা ।

You might also like