নিশা সোণাপুৰ চিভিল হাস্পতালত উপস্থিত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ ক’ভিড-১৯ আক্ৰান্ত ৩ জনকৈ লোকৰ স্বাস্থ্যৰ বুজ ল’বলৈ শনিবাৰে সোণাপুৰ চিভিল হাস্পতালত উপস্থিত হ’ল স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ।
ইপিনে এই ক’ভিড-১৯ আক্ৰান্ত ৰোগীকেইজনৰ স্বাস্থ্য পৰীক্ষাৰ লগতে সন্দেহযুক্ত কেচসমূহৰ সন্দৰ্ভত চিকিৎসালয়খনৰ চিকিৎসকৰ সৈতে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে মত বিনিময় কৰে ।
Visited Sonapur Civil Hospital to enquire about 3 #COVID19 patients admitted here. Interacted with doctors to review preparations for treatment of these patients & various measures to expedite testing and isolation of suspected cases. pic.twitter.com/GqFfm4MBo8
— Himanta Biswa Sarma (@himantabiswa) April 3, 2020
উল্লেখ্য যে শনিবাৰৰ পুৱা পৰ্যন্ত অসমত ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২৪ জনলৈ বৃদ্ধি পাইছে ।