নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নিয়মীয়া বার্তা’ৰ অজিত চহৰীয়ালৈ বর্ষশ্রেষ্ঠ সাংবাদিকতা বঁটা

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰ : সাহিত্য–সংস্কৃতিক অনুষ্ঠান ‘অভিনন্দন’ সাংস্কৃতিক গোষ্ঠীয়ে ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিলৈ অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে আগবঢ়াইছে ২০২২ বর্ষৰ অভিনন্দন বঁটা৷ গোষ্ঠীৰ সভাপতি মিত্রদেৱ শর্মা আৰু সাধাৰণ সম্পাদক অপূর্ব ভূঞাই এক প্রেছ বিজ্ঞপ্তিত সদৰী কৰা অনুসৰি বিশিষ্ট অভিনেতা–পৰিচালক তৌফিক ৰহমান, বিশিষ্ট সংগীত পৰিচালক নন্দ বেনার্জী, সাহিত্য অকাডেমি বঁটাপ্রাপক বিশিষ্ট সাহিত্যিক অনুবাদক সুৰেশ শর্মা, বিশিষ্ট সাহিত্যিক ৰঞ্জু হাজৰিকা, বিশিষ্ট গজল গায়ক অনির্বাণ দাস আৰু সাহিত্যিক ড০ দীনেশ কাকতি নাথলৈ জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হৈছে৷ সৎ, নির্ভীক আৰু নিৰপেক্ষভাৱে সাংবাদিকতা কৰা ‘অসমীয়া প্রতিদিন’ৰ জ্যেষ্ঠ সাংবাদিক বনজিৎ ঠাকুৰীয়া আৰু ‘নিয়মীয়া বার্তা’ৰ জ্যেষ্ঠ উপ–সম্পাদক অজিত চহৰীয়ালৈ বর্ষশ্রেষ্ঠ সাংবাদিকতাৰ বঁটা আগবঢ়োৱা হৈছে৷ সাহিত্য সৌৰভ বঁটা আগবঢ়োৱা হৈছে ‘দৈনিক অগ্রদূত’ কাকতৰ সাংবাদিক তথা বিশিষ্ট লেখক হেমন্ত কুমাৰ চৌধুৰীলৈ৷ অভিনেতা–পৰিচালক তথা প্রযোজক দ্বিজেন্দ্র মোহন শর্মালৈ বর্ষশ্রেষ্ঠ সাংস্কৃতিক সংগঠকৰ বঁটা, বিশিষ্ট খেলুৱৈ–সংগঠক নাৰায়ণ চৌধুৰীলৈ বর্ষশ্রেষ্ঠ ক্রীড়া সংগঠকৰ বঁটা, সংগীত শিল্পী কৰুণাধৰ শর্মালৈ সংগীত সাধনা বঁটা, কৃতী শিক্ষয়িত্রী জুনু ৰাজখোৱালৈ শিক্ষাজ্যোতি বঁটা, সাহিত্যিক মন্তি শর্মালৈ সাহিত্য সাধনা বঁটা, সুকনানী ওজাপালি শিল্পী মহাদেৱ দাসলৈ লোকশিল্প সাধনা বঁটা আগবঢ়োৱা হৈছে৷ কণ্ঠশিল্পী মৰমী শর্মালৈ শিল্পী প্রেৰণা বঁটা, হোলীগীতৰ শিল্পী ৰমেন দাস, অভিনেতা পৰিচালক বিনয় কুমাৰ ডেকা, সামাজকর্মী প্রিয়ংকা ফুকন, অভিনেতা মুকুল লহকৰ, অভিনেতা–কণ্ঠশিল্পী দীনেশ দাস আৰু উদীয়মান কবি ভাস্বতী বৰা বৰুৱালৈ আগবঢ়োৱা হৈছে বিশেষ অভিনন্দন বঁটা৷ অহা ১৬ অক্টোবৰ, ২০২২ তাৰিখ দেওবাৰে স্বতন্ত্র সেনানী ভৱন প্রেক্ষাগৃহত (মুক্তিযুঁজাৰু ভৱন) এক বর্ণিল অনুষ্ঠানত বঁটাসমূহ প্রদান কৰা হ’ব৷

You might also like