নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টকাৰ পতন, ডলাৰৰ বিপৰীতে সর্বকালৰ সর্বনিম্ন ভাৰতীয় মুদ্রাৰ মূল্য ৮০.৪৭ টকা

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰ : ভাৰতীয় টকাৰ পতন অব্যাহত আছে৷ কালি প্রতি মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য ৮০.২৭ টকালৈ নিম্নগামী হোৱাৰ পাছত আজি পুনৰ ৫১ পইচা নিম্নগামী হৈ সর্বকালৰ সর্বনিম্ন ৮০.৪৭ টকা হৈছে৷ মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্যৰ এয়া এক নতুন সর্বনিম্ন অভিলেখ৷ আজি ইউ এছ ফেডাৰেল ৰিজার্ভৰ সুদৰ হাৰ বৃদ্ধি কৰাৰ পাছতেই বিনয়োগকাৰীয়ে ডলাৰৰ প্রতি আগ্রহ দেখুওৱাত ভাৰতীয় মুদ্রাৰ মূল্য বজাৰ মুকলি হোৱাৰ পাছতেই নিম্নগামী হ’বলৈ ধৰে৷ কালি বজাৰ সামৰণিত ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য ৮০.২৭ৰ পৰা আজি বজাৰ আৰম্ভ হোৱাৰ পাছতেই ডলাৰৰ বিপৰীতে টকাৰ পতন আৰম্ভ হয় আৰু বজাৰ সামৰণি পৰাত ৫১ পইচা নিম্নগামী হৈ সর্বকালৰ সর্বনিম্নৰ নতুন অভিলেখ ৮০.৪৭ টকা হয়৷ আনপিনে টকা দুর্বল হোৱাৰ বিপৰীতে আন্তর্জাতিক বজাৰত মার্কিন ডলাৰ শক্তিশালী ৰূপত উজ্জীৱিত হয়৷ ইউ এছ ফেডাৰেল ৰিজার্ভৰ সুদ বৃদ্ধিৰ পাছতেই মার্কিন ডলাৰৰ মূল্য বিগত দুই দশক তথা ২০ বছৰৰ ভিতৰত সর্বাধিক হয়৷

You might also like