নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৪ ছেপ্টেম্বৰৰ পৰা গণেশগুৰিত আৱাহন থিয়েটাৰ

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰ :  দুবছৰৰ বিৰতিৰ পাছত পুনৰ উভতি আহিব মহানগৰীৰ গণেশগুৰিৰ গোপাল বডো হাইস্কুল খেলপথাৰলৈ৷ গণেশগুৰিৰ এই পথাৰখন অহা ২৪ ছেপ্টেম্বৰৰ পৰা পুনৰ জীপাল হৈ উঠিব বহু নামজ্বলা তাৰকাৰ দুৰন্ত অভিনয়েৰে৷ সেই দিনটোৰ পৰাই চাৰিদিনীয়া নাট্যসূচীৰে গণেশগুৰিৰ লগতে গুৱাহাটী মহানগৰ কঁপাবলৈ আহিব ভ্রাম্যমাণ মঞ্চৰ মহাৰাণী প্রস্তুতি পৰাশৰ৷ চলিত নাট্যবর্ষত সর্বাধিক জনপ্রিয়তাৰ শিখৰ চুম্বন কৰিছে আৱাহন থিয়েটাৰে৷ কেৱল এখন নাটকৰ ওপৰতে ভৰসা কৰি চলি থকাৰ বিপৰীতে তিনিখনকৈ বহুল জনপ্রিয় নাটকৰ মেটমৰা সম্ভাৰ লৈ আৱাহন থিয়েটাৰে চলিত নাট্যবর্ষত সর্বাধিক জনপ্রিয়, জাকতজিলিকা নাট্যানুষ্ঠান ৰূপে দখল কৰিছে দর্শকৰ হূদয়৷ তাৰ ভিতৰত সর্বাধিক চর্চিত হৈছে নাট্যকাৰ অভিজিৎ ভট্টাচার্যৰ ‘মই নাটক কৰা ছোৱালী’৷ পিতৃ–কন্যাৰ বহু আৱেগেৰে জীপাল ‘মই নাটক কৰা ছোৱালী’ত সম্পূর্ণ এক ব্যতিক্রমী আৱেগিক চৰিত্রত প্রস্তুতি পৰাশৰে প্রাণ ঢ়ালি কৰা অভিনয় চাবলৈ দর্শকে বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি কৰিছে আৱাহনৰ প্রেক্ষাগৃহত৷ নাট্যনগৰী পাঠশালাতো বাদেই, টিহু, মুকালমুৱা, ভৱানীপুৰ, মুছলপুৰ, ধূলাকে ধৰি য’ত য’ত নাট্যদলটোৱে নাট নিবেদন কৰিছে, তাতেই এই নাটখন চাবলৈ দর্শকে হেতা–ওপৰা লগাইছে৷

সীমিত সংখ্যক আসন বঢ়াই দিয়াৰ পাছতো বহিবলৈ নোপোৱাত বেঞ্চ জোৰা দি, আনকি থিয় হৈও দ্বিতীয় দর্শনীত নিশা এক বজালৈ দর্শকে উপভোগ কৰিছে ‘মই নাটক কৰা ছোৱালী’৷ প্রস্তুতিৰ লগতে নির্মল দত্ত, জীৱন হাতীকাকতি, অৰুণ বৰা, জেফ্রি বক্সি, আদিয়ে কৰা দলগত অভিনয় আৰু একাধিক সুমধুৰ গীতৰ দর্শনীয় উপস্থাপন ‘মই নাটক কৰা ছোৱালী’ৰ অমূল্য সম্পদ৷ ৰূপকোঁৱৰৰ অমৰ সৃষ্টি ‘লভিতা’ৰ আলম লৈ অভিজিৎ ভট্টাচার্যই ৰচনা কৰা ‘লভিতা’ আৰু আজিৰ সমাজবাস্তৱ তথা বিপ্লৱৰ নামত চলা ভণ্ডামিক লৈ অভিজিৎ ভট্টাচার্যই ৰচনা কৰা ‘অগ্ণিকন্যা’ নাট দুখনে ‘মই নাটক কৰা ছোৱালী’ৰ জনপ্রিয়তাৰ সৈতে সমানে ফেৰ মাৰিছে৷ আৱাহনৰ তিনিওখন নাটকৰ মাজতে প্রতিযোগিতা চলিছে কোনখন শ্রেষ্ঠ৷ এয়া এক বিৰল পৰিঘটনা৷ অহা ২৪ ছেপ্ঢেম্বৰৰ পৰা ২৭ ছেপ্ঢেম্বৰলৈ গণেশগুৰিত আৱাহন থিয়েটাৰে মঞ্চস্থ কৰিব লগা নাটসমূহে গুৱাহাটী মহানগৰীৰ মাজবুকুলৈ ভ্রাম্যমাণ থিয়েটাৰৰ জনপ্রিয়তা ওভতাই আনিব বুলি আশা কৰা হৈছে৷

You might also like