‘নিয়মীয়া বার্তা’ৰ চীফ ৰিপ’টাৰ হেমন্ত মজুমদাৰ ৰিপ’টাৰ খনিন ডেকা সন্মানিত
নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ আজান ফকীৰ (পীৰ) প্রকল্প ন্যাসৰ উদ্যোগত দেশী জনগোষ্ঠীয় মঞ্চ, অসম আৰু সদৌ অসম গৰিয়া–মৰিয়া যুৱ–ছাত্র পৰিষদৰ সহযোগত বুধবাৰে গুৱাহাটী প্রেছ ক্লাবত ৰাজ্যৰ ২০ গৰাকী সাংবাদিক আৰু লোকশিল্পীক সম্বর্ধনা জনোৱা হয়৷
আজান ফকীৰ (পীৰ) প্রকল্প ন্যাসৰ অধ্যক্ষ ৰফিউল হুছেইন বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত সুদীর্ঘ দিন ধৰি নির্ভীক আৰু নিৰপেক্ষভাৱে সাংবাদিকতা কৰি সমাজ জীৱনৰ প্রতি আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ‘নিয়মীয়া বার্তা’ৰ জ্যেষ্ঠ সাংবাদিক হেমন্ত কুমাৰ মজুমদাৰ আৰু খনিন ডেকাকে ধৰি খগেন কলিতা, দেৱজিৎ ভূঞা, উৎপল কুমাৰ দাস, আলিয়াছ আহমেদ, চাবাবুদ্দিন আহমেদ, ফাইজৰ ৰহমান, আজিজুৰ ৰহমান শইকীয়াক আনুষ্ঠানিকভাৱে জাপি, সম্বর্ধনা পত্র, গামোচা আদিৰে সম্বর্ধনা জনোৱা হয়৷
আনহাতে, লোকসংগীতৰ ক্ষেত্রখনক চহকী কৰাৰ স্বীকৃতি স্বৰূপে প্রণীতা বৈশ্য মেধি, স্বর্ণা চক্রৱর্তী, প্রদীপ কুমাৰ শর্মা, আব্দুল ৰহিম, নুৰুল হক, আজিমুদ্দিন আহমেদ, আবুল জাব্বাৰ, হামিদ সৰকাৰ আৰু প্রয়াত শিল্পী মাণিক আলীক মৰণোত্তৰভাৱে বঁটা প্রদান কৰি সন্মান জনোৱা হয়৷