নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’বিৰোধী আন্দোলনত হিংসাঃ কটনৰ প্রাক্তন সাঃ সম্পাদকক নিয়াৰ চমন

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ কটন বিশ্ববিদ্যালয়ৰ প্রাক্তন সাধাৰণ সম্পাদক প্রাঞ্জল কলিতাক ‘নিয়া’ৰ কার্যালয়ত হাজিৰ হ’বলৈ  চমন জাৰি কৰিছে ৷ আজি দিনৰ ১১ বজাত ‘নিয়া’ৰ কার্যালয়ত প্রাঞ্জল কলিতাই হাজিৰ হ’ব লাগিব৷

মাওবাদী সংগঠনৰে সম্পর্ক, দেশদ্রোহ আৰু নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী আন্দোলনৰ নামত হিংসাৰ উচটনি দিয়াৰ অভিযোগ সন্দর্ভত নিয়াৰ তদন্তকাৰী বিষয়াই প্রাঞ্জল কলিতাক জেৰা কৰিব ৷

You might also like