পাকঘৰত কিয় ইমান ব্যস্ত বিধায়ক প্ৰশান্ত ফুকন ?
নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ বিধায়ক প্ৰশান্ত ফুকন আজি খুবেই ব্যস্ত । ব্যস্ততাৰ সীমা নাই বিধায়কগৰাকীৰ । পাকঘৰত আলু ভাজি আৰু শুকান ৰুটি বনোৱাত ব্যস্ত প্ৰশান্ত ফুকন । দেশজুৰি জনতা কাৰ্ফিউ আহ্বান জনোৱাৰ পাচত দেওবাৰে দেশৰ প্ৰতিটো প্ৰান্ততে দেখা গৈছে নিমাওমাও পৰিস্থিতি ।
জনতা কাৰ্ফিউৰ এই দিনটোত মন্ত্ৰী-বিধায়ক সকলো এতিয়া আবদ্ধ হৈ আছে নিজ নিজ গৃহত । ইয়াৰ অৱশ্যে ব্যতিক্ৰম নহয় ডিব্ৰুগড়ৰ বিজেপি বিধায়ক প্ৰশান্ত ফুকন । জনতা কাৰ্ফিউৰ দিনটোত নিজকে পুৱাৰ আহাৰ প্ৰস্তুতত ব্যস্ত কৰি ৰাখিছে বিধায়কগৰাকীয়ে ।
আজি গোটেই দিনটো ঘৰত কটোৱাৰ লগতে প্ৰতিজন লোকলৈ বিধায়কগৰাকীয়ে ঘৰতে থকাৰ বাবে আহ্বান জনালে । সজাগ আৰু সচেতন হ’লেহে মাৰাত্মক ক’ৰোনা সৈতে আমি যুঁজিব পাৰিম বুলিও উল্লেখ কৰে প্ৰশান্ত ফুকনে ।