নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনতা কাৰ্ফিউলৈ পূৰ্ণ সমৰ্থনঃ ৰাজ্যত আজি নচলে বাছ, বিমানো বাতিল

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ সন্ত্ৰাস সৃষ্টি কৰা ভয়ংকৰ ক’ৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশতে আৰম্ভ হৈছে যুদ্ধকালীন তৎপৰতা । আজি পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ প্ৰধানমন্ত্ৰী মোদীয়ে আহ্বান কৰা জনতা কাৰ্ফউলৈ সঁহাৰি জনাইছে ৰাজ্যৰ প্ৰতিটো স্তৰৰ জনগণে ।

ইতিমধ্যে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে প্ৰধানমন্ত্ৰীগৰাকীয়ে আহ্বান কৰা জনতা কাৰ্ফউলৈ সঁহাৰি জনাই অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানসমূহৰ বাহিৰে আন সকলো দোকান বন্ধ ৰখা পৰিলক্ষিত হৈছে ।

ইফালে জনতা সান্ধ্য আইনলৈ সঁহাৰি জনাই আজি বন্ধ ৰখা হৈছে ডিব্ৰুগড়, শিলচৰ, দিল্লী, কলকাতা, চেন্নাই আৰু গুৱাহাটীৰ মাজত চলাচল কৰিবলগীয়া বিমানসমূহ । ইতিমধ্যে বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষই স্পষ্ট কৰিছে যে গুৱাহাটীলৈ উক্ত চহৰসমূহৰ পৰা আহিব লগা বিমানসমূহ বাতিল বুলি ঘোষণা কৰিছে ।

ইয়াৰোপৰি উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই বাতিল কৰিছে ২২২ খন ৰে’লৰ চলাচাল । লগতে প্ৰধানমন্ত্ৰীৰ আহ্বানক সঁহাৰি জনাই সদৌ অসম মটৰ পৰিবহণ সন্থাইসমূহ বাছৰ চলাচল বন্ধ ৰাখিছে ।

উল্লেখ্য যে অহা ২৩ মাৰ্চৰ পৰা ৰাজ্যত ৫০ শতাংশ বাছহে চলাচল কৰিব ।

You might also like