পেট্র’ল–ডিজেলৰ দাম বৃদ্ধিত উদ্বিগ্ন মুখ্যমন্ত্রীঃ ইন্ধনৰ বর্ধিত মূল্যই ক্ষতি কৰিছে সর্বসাধাৰণক
নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ পেট্র’ল–ডিজেলৰ ঊর্ধ্বমুখী মূল্যবৃদ্ধিক লৈ উদ্বিগ্ন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ খাদ্য–সামগ্রীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে দিশহাৰা কৰি তোলাৰ সময়তে ৰাজ্যত প্রতিলিটাৰ পেট্র’লৰ দাম এশ টকাতকৈও অধিক হৈছে৷ পেট্র’লৰ মূল্যবৃদ্ধিক লৈ সাধাৰণ ৰাইজৰ মাজত সৃষ্টি হৈ থকা প্রতিক্রিয়াৰ মাজতে সোমবাৰে মুখ্যমন্ত্রী ড০ শর্মাই উদ্বিগ্নতা প্রকাশ কৰি কয়– পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক ক্ষতি কৰিছে৷
উল্লেখ্য যে ইন্ধনজাত সামগ্রীৰ মূল্য প্রতিদিনে বৃদ্ধি হৈ থকাৰ সময়তে শাসকীয় দলৰ একাংশ নেতাই সমগ্র বিষয়টোক লৈ কৰা তৰল মন্তব্যই ৰাজ্যৰ সাধাৰণ লোকৰ মাজত যথেষ্ট বিৰূপ প্রতিক্রিয়া সৃষ্টি কৰিছে৷ এনে অৱস্থাত মুখ্যমন্ত্রীয়ে সোমবাৰে পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধি সন্দর্ভত উদ্বিগ্নতা প্রকাশ কৰি কয়– অসম চৰকাৰে যোৱা মার্চ মাহতে পেট্র’ল–ডিজেলৰ ওপৰত থকা ভেট প্রত্যাহাৰ কৰাৰ কাৰণে দেশৰ ভিতৰতে অসমত পেট্র’ল–ডিজেলৰ দাম আটাইতকৈ কম৷ তৎসত্ত্বেও পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধিয়ে সর্বসাধাৰণ ৰাইজক যথেষ্ট ক্ষতি কৰিছে৷ মই বিশ্বাস কৰোঁ যে এইক্ষেত্রত ভাৰত চৰকাৰে যিসমূহ ৰাষ্ট্রৰ পৰা পেট্র’ল–ডিজেল আমদানি কৰে, সেই ৰাষ্ট্রসমূহৰ লগত আলাপ–আলোচনা কৰি এইক্ষেত্রত ৰাইজক সকাহ দিব৷
মন কৰিবলগীয়া যে বিগত সপ্তাহতে পেট্র’লৰ মূল্যই শতকৰ সংখ্যা অতিক্রম কৰাৰ পাছতো ইয়াৰ মূল্য প্রতিদিনে বৃদ্ধি পায়ে আছে৷