নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“কলম”ৰ শাৰদীয় সংখ্যা উন্মোচন

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ ছপা মাধ্যমৰ মাদকতা সদায়ে একক আৰু অনন্য। ছ’ছিয়েল মিডিয়া , ইলেকট্ৰনিক মিডিয়াৰ ছুনামিয়ে ছপা মাধ্যমৰ স্বকীয়তাক কেতিয়াও আঘাট হানিব নোৱাৰে । ৰাতিপুৱাই হাতত চাহকাপ লৈ বাতৰি কাকত পঢ়াৰ যি নষ্টালজিক অনুভূতি সেয়া আজিৰ নতুন যুগৰ ধাৰাই কেতিয়াও প্ৰদান কৰিব নোৱাৰে। -এই মন্তব্য উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক , জনপ্ৰিয় শিক্ষামূলক কাকত সাপ্তাহিক “জিজ্ঞাস”ৰ কাৰ্যবাহী সম্পাদক তথা উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ দ্বাৰা প্ৰকাশিত সাহিত্য কলা সংস্কৃতি মূলক আলোচনী ” কলম” ৰ মুখ্য সম্পাদক ড’ তাৰিণী কান্ত হালৈৰ।

উল্লেখ্য “কলম” ৰ শাৰদীয় সংখ্যাটি সোমবাৰে সদৌ উত্তৰ গুৱাহাটী বাৰোৱাৰী দুৰ্গা পূজা উদযাপন সমিতিৰ মধ্যমখণ্ডস্থিত মুখ্য কাৰ্যলয়ত আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। গাম্ভীৰ্যপূৰ্ণ উদ্বোধনী অনুষ্ঠানত অংশ লৈ ড০ হালৈয়ে লগতে কয় যে অসমৰ গাঁৱে ভূঞে, চহৰে নগৰে লুকাই থকা যি সাহিত্য প্ৰতিভা সেইখিনি ওলিয়াই আনি এখন মঞ্চ প্ৰদান কৰাৰ লগতে কলা সংস্কৃতিৰ ক্ষেত্ৰ খনলৈ কিঞ্চিত অৱদান আগবঢ়োৱাটোৱে হৈছে “কলম” ৰ উদ্দেশ্য। আৰু এই লক্ষ্য উদ্দেশ্য আগত ৰাখি “কলম “এ যোৱা তিনি বছৰে কাম কৰি আহিছে। 

You might also like