নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সিংহৰ পৰিৱৰ্তে বাঘ…কিন্তু ক’ত?

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ শাৰদীয় দুৰ্গা পূজাৰ প্ৰতিমাৰ হাত দহ খন বুলি আমি জানো । আমি জানো দেৱী দুর্গাৰ বাহন সিংহ কিন্তু অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত একমাত্ৰ হোজাইতেই দুখন হাতৰ দুৰ্গাক দেৱীক পূজা কৰা হয়। হোজাইৰ নতুন বজাৰস্থিত ‘ইমা পান্থইবী’ নামৰ মন্দিৰত মণিপুৰী সম্প্ৰদায়ৰ লোক সকলে কৰে এই পূজা।

এই পূজা বিগত ১৯৮৪ চনৰ পৰা আৰম্ভ হোৱা এই পূজাই এইবাৰ ভৰি দিছে ৩৭ বছৰত। এই পূজাৰ বহু কেইটা বৈশিষ্ট আছে । এটা হ’ল দেৱী দুর্গাৰ হাত দুখন । আন আন দেৱী মূৰ্তিৰ দৰে এই দেৱী মূৰ্তি প্ৰতিমা দশমী দিনাৰ পৰিবৰ্তে অহা বছৰ ষষ্ঠীৰ পূৰ্বৰ প্ৰতিমা বিসৰ্জন নতুন প্ৰতিমা বেদীত প্ৰতিষ্ঠা কৰা হয়। লগতে দুহাতৰ এই দুর্গাৰ বাহক সিংহৰ পৰিবৰ্তে বাঘহে। দেৱী দুর্গাৰ আন এটা ৰূপত এই দেৱীক পূজা কৰা হয় । প্ৰতি বছৰৰ দৰে আজিও পূৰ্বৰ মূৰ্তি সলনি কৰি পূজাৰ বেদিতেই দেৱীক সজোৱা হয় ।

Input: কিশলয় ডি গোস্বামী

You might also like