নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রী ফচল বীমা যোজনাৰ হিতাধিকাৰীৰ প্রিমিয়ামৰ অংশও দিব চৰকাৰে

নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰঃ বৃহস্পতিবাৰৰ কেবিনেটে ৰাজ্যৰ কৃষক জনতাক বিৰাট সকাহ দি এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে৷ এই সিদ্ধান্ত অনুসৰি প্রধানমন্ত্রীৰ ফচল বীমা যোজনাৰ হিতাধিকাৰীৰ প্রিমিয়ামৰ অংশও ৰাজ্য চৰকাৰে দিব৷ এই সন্দর্ভত স্বাস্থ্যমন্ত্রী মহন্তই কয় যে প্রধানমন্ত্রীৰ ফচল বীমা যোজনা আমাৰ ইয়াত ২০১৬–১৭ বর্ষৰ পৰা আৰম্ভ হৈছে৷ এই আঁচনিখনৰ অধীনত বীমা কৰাৰ বাবে যিটো প্রিমিয়াম, ধৰি ল’লোঁ ৫ শতাংশ৷ ইয়াৰে ১.৫ শতাংশ কেন্দ্রীয় চৰকাৰে, ১.৫ শতাংশ ৰাজ্য চৰকাৰে আৰু বাকী ২ শতাংশ দাবী কৰা হিতাধিকাৰীয়ে দিব লাগে৷ এতিয়া ৰাজ্য চৰকাৰে নিজৰ অংশৰ ১.৫ শতাংশ দিয়াৰ উপৰি হিতাধিকাৰীৰ অংশ ২ শতাংশৰো দায়িত্ব লৈছে৷ অর্থাৎ ৰাজ্য চৰকাৰে কৃষকসকলৰ এই দায়িত্ব লৈ সম্পূর্ণ ৩.৫ শতাংশ প্রিমিয়াম দিব৷ ইয়াৰ বাবে ৩৭৯ কোটি টকা আজি কেবিনেটে মুকলি কৰি দিছে৷

এই পদক্ষেপে ৰাজ্যখনৰ লক্ষাধিক কৃষকক লাভান্বিত কৰিব৷ সেইদৰে জলসম্পদ বিভাগৰ কাম–কাজৰ নাবার্ড–২৭ৰ পৰা ৯৮ কোটি টকা আজি মুকলি কৰি দিয়া হৈছে বুলি স্বাস্থ্যমন্ত্রী মহন্তই সদৰী কৰে৷ তদুপৰি গুৱাহাটী মহানগৰীত চলাচল কৰা ৰিক্সা, ঠেলা, হাতে চলোৱা ঠেলা (বাণিজ্যত ব্যৱহূত)ৰ অনুজ্ঞা–পত্রৰ বাবে প্রয়োজনীয় মাচুল ৰেহাই দিছে আজিৰ কেবিনেটে৷ এই সন্দর্ভত স্বাস্থ্যমন্ত্রী মহন্তই কয় যে গুৱাহাটী পৌৰ নিগমৰ এলেকাত যিবিলাক ঠেলা–ৰিক্সা আদি চলে, সেইবোৰৰ অনুজ্ঞা–পত্র ল’ব লাগে৷ এই অনুজ্ঞা–পত্রৰ বাবে আদায় দিব লাগে মাচুল৷ 

কেবিনেটে অনুজ্ঞা–পত্রৰ মাচুল ৰেহাই দিছে৷ ৰিক্সা–ঠেলাৰ কোনেও এতিয়াৰে পৰা অনুজ্ঞা–পত্র লওঁতে আৰু নৱীকৰণ কৰোঁতে মাচুল আদায় দিব নালাগে৷ লগতে কার্যালয়লৈ গৈ যাতে অনুজ্ঞা–পত্র ল’ব নালাগে, সেই বিষয়টো কেবিনেটে গুৱাহাটী পৌৰ নিগমক পৰীক্ষা কৰিব দিছে৷ অনলাইন অনুজ্ঞা–পত্র লোৱাৰ বাবে যি প্রক্রিয়া তাৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছে৷ অৱশ্যে ইয়াৰ পূর্বে বিষয়টো গুৱাহাটী পৌৰ নিগমে পৰীক্ষা কৰিব৷ কেবিনেটৰ আন এক সিদ্ধান্ত হ’ল– লোকনির্মাণ (গৃহ–ৰাষ্ট্রীয় ঘাইপথ) বিভাগৰ অধীনত মুখ্য অভিযন্তা (স্বাস্থ্য আৰু শিক্ষা)ৰ এটা পদ সৃষ্টি৷ এই পদক্ষেপে লোকনির্মাণ বিভাগৰ স্বাস্থ্য আৰু শিক্ষা সম্পর্কীয় বিভিন্ন উন্নয়নমূলক কাম–কাজ অধিক ক্ষিপ্রতৰ কৰি তুলিব৷ কৃষি বিভাগৰ কাম–কাজসমূহ অধিক দক্ষতাৰে পৰিচালনা কৰাৰ ক্ষেত্রত সহায়ক হোৱাকৈ কৃষি বিষয়াসকলৰ পদোন্নতিৰ ক্ষেত্রত যোগ্যতা অর্জনকাৰী সেৱা শিথিলকৰণৰো সিদ্ধান্ত কেবিনেটে গ্রহণ কৰিছে৷

এই বিষয়ে সদৰী কৰি স্বাস্থ্যমন্ত্রী মহন্তই কয় যে কৃষি বিভাগত পদোন্নতি বিশেষকৈ উপ–সঞ্চালক আৰু যুটীয়া সঞ্চালক পদমর্যাদা এটা নির্দিষ্ট সময় পাৰ হ’লেহে দিব পৰা যায়৷ যাৰ কাৰণে ওপৰত বিষয়া খালী হৈ গৈছে৷ এতিয়া এনে পদত নূ্যনতম এবছৰ কার্যনির্বাহ কৰিলেই পৰৱর্তী পদোন্নতি হ’ব৷ আজিৰ কেবিনেটে অসম বীজ নিগমৰ অধীনৰ ১২খন ফার্মৰ চাৰিসীমাত কাঁইটীয়া তাঁৰৰ বেৰ নির্মাণৰ লগতে আন্তঃগাঁথনি উন্নয়ন, বীজ নিগমৰ অধীনৰ হর্টিকালচাৰ নার্ছাৰী, গুৱাহাটী আৰু উলুবাৰী নার্ছাৰীৰ বিকাশত অনুমোদন জনাইছে৷ সেইদৰে আন্তঃগাঁথনি সম্পর্কীয় প্রকল্প ৰূপায়ণৰ লক্ষ্যৰে অসম আন্তঃগাঁথনি পুঁজি সংস্থাৰ বাবে ২৫০ কোটি টকাতো অনুমোদন জনাইছে কেবিনেটে৷ ইফালে ৰাজ্যিক কোষাগাৰত থকা গঁড়ৰ খড়গসমূহক লৈ কেবিনেটে এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে৷

সংবাদ মেলত এই বিষয়ে সদৰী কৰে বনমন্ত্রী পৰিমল শুক্লবৈদ্যই৷ তেওঁ কয় যে আজিৰ দিনটোত ৰাজ্যিক কোষাগাৰত মুঠ ২,৬২৩টা খড়গ জমা আছে৷ ইয়াৰ ভিতৰত ৫০টা খড়গক লৈ গোচৰ চলি আছে আদালতত৷ এই ৫০টাৰ উপৰি ৯৪টা খড়গ আমি বৈজ্ঞানিকভাৱে চাই–মেলি চিনাক্তকৰণ কৰিছোঁ৷ এতিয়া চিনাক্তকৰণ কৰা ৯৪টা খড়গ কাজিৰঙাত এটা প্রাকৃতিক বুৰঞ্জী যাদুঘৰ স্থাপন কৰি সংৰক্ষণ কৰা হ’ব৷ এই যাদুঘৰটোত বন্যপ্রাণী তথা প্রাকৃতিক বিভিন্ন বস্তু সন্নিৱিষ্ট হ’ব৷ যাদুঘৰটোত ৰাখিবলগীয়া ৯৪টা খড়গৰ উপৰি আদালতত গোচৰ চলি থকা ৫০টা খড়গ পূর্বে যিধৰণে ৰখা হয়, সেইদৰেই ৰখাৰ ব্যৱস্থা কৰা হ’ব৷ ইয়াৰ বিপৰীতে বাকী ২,৪৭৯টা খড়গ ৰাজহুৱাভাৱে দাহ কৰা হ’ব বুলি জানিবলৈ দিয়ে বনমন্ত্রী শুক্লবৈদ্যই৷

You might also like