নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত লোকাৰণ্য অমিত শ্বাহৰ ৰোড শ্ব’

🔴মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ এপ্ৰিলঃ সৌসিদিনা প্ৰধানমন্ত্ৰী মোদীৰ বিশাল ৰোড শ্বোৰ পিছত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্বোত লোকে লোকাৰণ্য হৈ পৰে গুৱাহাটী। লখৰা-পল্টবজাৰ পথৰ চাইকেল ফেক্টৰীৰ পৰা লালগণেশলৈ উলিওৱা দুই কিলোমিটাৰজোৰা ৰোড শ্বোত বিশাল জনসমুদ্ৰই বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলায়। অমিত শ্বাহৰ ৰোড শ্বোৰ জনসমুদ্ৰত উটি যায় কৰ্মীসকল। বিশাল জনসমুদ্ৰ দেখি আপ্লুত হৈ পৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকী। ৰোড শ্বোত অংশগ্ৰহণৰ বাবে অফুৰন্ত উৎসাহেৰে হিলদল ভাঙি গুৱাহাটীৰ ৰাজপথ ভাগ লয় জনতাই। সকলোৰে মাথোঁ এটাই কথা-প্ৰতিজনৰ অন্তৰে অন্তৰে বিজেপি, প্ৰতিজনৰ মুখে মুখে মোদী। গুৱাহাটীবাসীয়ে আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি যিদৰে অপৰিসীম সমৰ্থন আগবঢ়াইছে, তাক প্ৰত্যক্ষ কৰি বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ বিজয় নিশ্চিতৰ ইংগিত বুলি ৰাজনৈতিক মহল চৰ্চিত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ ৰোড শ্বোত সংগ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

You might also like