নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৩০ এপ্রিল, ব’হাগ মাহৰ ১৭ তাৰিখ
মঙলবাৰ : তিথি– কৃষ্ণা সপ্তমী, নক্ষত্র : উত্তৰাষাঢ়া, যাত্রা : নাই

মেষ : পুৱা ভালেই যাব যদিও আবেলি ভাগত কর্মক্ষেত্রত সহযোগিতাৰ লগতে কাজিয়া হোৱাৰ সম্ভাৱনা আছে৷ ঘৰুৱাত উন্নতি৷ শুভ ৰং কমলা৷

বৃষ : দিনটো মজলীয়া হ’লেও সাৱধানেৰে পাৰ কৰক৷ লটাৰী প্রাপ্তিৰ যোগ দেখা যায়৷ প্রেম–প্রণয়ত বেছি আৱেগিক নহ’ব৷ শুভ ৰং নীলা৷

মিথুন : ভাবি–চিন্তি অচিনাকি মানুহৰ লগত কথা কওক, নহ’লে বিপদত পৰিব পাৰে৷ ঘৰুৱাত মধ্যম ফল আশা কৰিব পাৰে৷ শুভ ৰং আকাশী৷

কর্কট : কর্মৰ ওপৰত বিশ্বাস ৰাখক, দিনটো ভালেৰে পাৰ হ’ব৷ মামলা–মোকর্দমাত জয়লাভ৷ ব্যৱসায়ীসকলৰ নতুন পদ খুলিব৷ শুভ ৰং বগা৷

সিংহ : আর্থিক উন্নতিত বাধা৷ গতানুগতিক কামত বেছি বাধা নাই৷ ভ্রমণত দ্রব্য লাভ৷ বিবাহৰ ক্ষেত্রত থকা বাধা আঁতৰি যাব৷ শুভ ৰং বগা৷

কন্যা : ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ৷ পত্নীৰ সহযোগিতা লাভ কৰিব৷ প্রতিষ্ঠিত ব্যৱসায়ীৰ বাবে দিনটো শুভ৷ ঘৰুৱাত অশান্তিৰ সৃষ্টি৷ শুভ ৰং নীলা৷

তুলা : নতুন কোনো সৎ লোকৰ লগত সাক্ষাৎ৷ নিজৰ শৰীৰৰ প্রতি যত্ন লওক৷ বিদ্যার্থীয়ে মজলীয়া ফল লাভ কৰিব৷ শুভ ৰং সেউজীয়া৷

বৃশ্চিক : চাকৰিয়াল ব্যক্তিসকলৰ বদলিৰ সম্ভাৱনা দেখা যায়৷ বন্ধুৰ পৰা সহানুভূতি লাভ৷ ঘৰুৱাত মোটামুটি শুভ৷ প্রেম–প্রণয়ত সামাজিক অপবাদ৷ শুভ ৰং বগা৷

ধনু : আর্থিক দিশত আয়াতকৈ ব্যয় বৃদ্ধি পাব৷ অলাগতিয়াল কথাত কাণ নিদিয়াই ভাল৷ ঘৰুৱাত সন্দেহ ভাব ঘনীভূত হ’ব পাৰে৷ শুভ ৰং ক’লা৷

মকৰ : দুপৰীয়াৰ সময়ত আঘাত পাব পাৰে৷ ঘৰত আলহীৰ সমাগম৷ মনোমত পৰিৱেশ আশা কৰিব পাৰি৷ শুভ ৰং ৰঙা৷

কুম্ভ : মনৰ স্থিৰতা বজাই ৰখা দৰকাৰ৷ শৰীৰ ভালেই যাব৷ নিবনুৱাসকলে চাকৰি বিচাৰি পাব৷ বিদ্যার্থীৰ কাৰণে দিনটো অনুকূল৷ শুভ ৰং গুলপীয়া৷

মীন : ব্যৱসায়ত মধ্যম ফল আশা কৰিব পাৰি৷ বৈবাহিক জীৱনত বাধা থাকিব৷ দৈহিক ক্ষেত্রত শুভ৷ বিদেশ যাত্রাৰ সম্ভাৱনা৷ শুভ ৰং বগা৷

You might also like