নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ বনগাঁৱত নিৰ্বাচনী কাৰ্যালয় মুকলি মীৰা বৰঠাকুৰ গোস্বামীৰ

নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিল : কামৰূপ জিলাৰ বকো-ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত বনগাঁও ৰাজীৱ ভৱনত আজি লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে আগন্তুক লোকসভা নগুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে।কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে ৰঙা ফিটা কাটি বনগাওঁ ৰাজীৱ ভৱনত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাৰ পিছতে এখনি নিৰ্বাচনী সভাত উপস্থিত থাকে। প্ৰাৰ্থী মীৰা বৰঠাকুৰে নিৰ্বাচনী সভাত উপস্থিত থকা সকলো কৰ্মীকে এইবাৰ গুৱাহাটীবাসীৰ বিভিন্ন সমস্যা সমাধানৰ বাবে নিজৰ নিজৰ বিবেক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায়।

প্ৰেৰক প্ৰীতম বায়ন

You might also like