নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীত বিজেপি কিষাণ মৰ্চাৰ চোতাল বৈঠক

নিয়মীয়া বাৰ্তা, পাঠশালা, ২৯ এপ্ৰিলঃ চলিত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়লৈ মাজত মাথো কেইদিনমান বাকী থকা অৱস্থাত আজি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কিষাণ মৰ্চাৰ অন্তৰ্গত বজালী মণ্ডল কিষাণ মৰ্চাৰ উদ্যোগত আজি বৰবাং পঞ্চায়তত এখন চোতাল বৈঠক অনুষ্ঠিত হয়৷ কিষাণ মৰ্চাৰ বজালী মণ্ডলৰ সভাপতি গৌতম শৰ্মাৰ নেতৃত্বত বৰবাং পঞ্চায়তৰ ৮৯নং বুথ সভাপতি কুলজিৎ দাসৰ গৃহৰ চোতালত অনুষ্ঠিত বৈঠকত উপস্থিত থাকি কিষাণ মৰ্চাৰ ৰাজ্যিক উপ সভাপতি নিবাৰণ লহকৰে উপস্থিত থাকি বুথৰ কৰ্মীসকলক বৰপেটা লোকসভা সমষ্টিত বিজেপি অগপ ইউ পি পি এল প্ৰক্ষেপিত প্ৰাৰ্থী তথা বঙাইগাওঁ বিধান সভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক ফণীভূষণ চৌধুৰীক বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত কৰাৰ বাবে মিত্ৰজোঁট চৰকাৰৰ জনহিতকৰ কামসমূহৰ বিষয়ে ৰাইজক অৱগত কৰাৰ লগতে সকলো ভোটাৰকে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনাবলৈ কয়৷ উক্ত বৈথকত ৰাজ্যিক কিষাণ মৰ্চাৰ আন নেতৃবৃন্দ উপস্থিত থকাৰ উপৰিও বজালী জিলা আৰু বজালী মণ্ডল কিষাণ মর্চাৰ কার্য্যকৰ্তাৰ লগতে যথেষ্ট সংখ্যক গঞা ৰাইজ উপস্থিত থাকে।

প্ৰেৰক কল্যাণ কলিতা

You might also like