নিয়মীয়া বাৰ্তা, ২১ মার্চঃ প্রাণনাশী ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অহা ২২ মার্চত পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ পালন কৰিবলৈ আহ্বান জনোৱা ‘জনতাৰ সান্ধ্য আইন’ৰ প্রতি সঁহাৰি জনাইছে বিভিন্ন দল–সংগঠনৰ লগতে ৰাজ্যবাসীয়ে ৷ বৃহস্পতিবাৰে নিশা দেশবাসীক সম্বোধন কৰি মোদীয়ে জনতাৰ কার্ফিউ কার্যসূচী ৰূপায়ণ কৰিবলৈ আহ্বান জনোৱাৰ পাছতে ছ’চিয়েল মিডিয়াযোগে এই কার্যসূচীলৈ সমর্থন আগবঢ়োৱা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ ফেচবুক, টুইটাৰ আৰু ইনষ্টাগ্রাম ব্যৱহাৰকাৰীসকলে ২২ মার্চত ঘৰতেই আবদ্ধ হৈ থাকি এই মাৰাত্মক ভাইৰাছবিধৰ সংক্রমণ প্রতিৰোধৰ আহ্বান জনাইছে ৷ বর্তমানলৈকে কোনো চিকিৎসা ব্যৱস্থা কার্যকৰী নোহোৱা এই ভাইৰাছৰ সংক্রমণৰ প্রতিৰোধৰ বাবে কেৱল সজাগতা আৰু সাৱধানতাই যে একমাত্র উপায়, সেয়া ছ’চিয়েল মিডিয়াযোগে প্রচাৰ হোৱা দেখা গৈছে ৷ প্রধানমন্ত্রীৰ জনতাৰ কার্ফিউৰ প্রতি সঁহাৰি জনাবলৈ ৰাজ্যবাসীক আজি আহ্বান জনাইছে ৰাজ্যপাল জগদীশ মুখীয়ে ৷ এক বিবৃতিত মুখীয়ে পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ ঘৰৰ ভিতৰতে থাকি ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধ কৰি দেশখন সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্রত অৰিহণা যোগাবলৈ ৰাজ্যবাসীলৈ তেওঁ অনুৰোধ জনাইছে ৷ বিবৃতিটোত তেওঁ কয়– ‘এই ভাইৰাছবিধ প্রতিৰোধ কৰিব পৰা ঔষধ অথবা প্রতিষেধক এতিয়ালৈ উপলব্ধ হোৱা নাই ৷ সেয়েহে ইয়াৰ সংক্রমণ প্রতিৰোধ কৰাৰ সর্বোত্তম উপায় হৈছে সামাজিক দূৰীকৰণ ৷’ একে সময়তে ক’ৰোনা ভাইৰাছৰ সংহাৰৰ সময়তো নিষ্ঠাসহকাৰে সেৱা আগবঢ়োৱা স্বাস্থ্যকর্মী, পৰিষ্কাৰ–পৰিচ্ছন্ন নিয়োজিত ব্যক্তি আৰু আন জৰুৰী সেৱাসমূহত কর্মৰত চৰকাৰী বিষয়া–কর্মচাৰীসক কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ প্রধানমন্ত্রীয়ে জনোৱা আহ্বান সন্দর্ভত তেওঁ কয় যে ২২ মার্চৰ ৫ বজাত প্রত্যেকে থকা ঠাইৰ পৰাই হাতচাপৰিৰে সেৱা প্রদানকাৰীসকলক কৃতজ্ঞতা জনোৱা উচিত ৷
ৰাজ্যপালগৰাকীয়ে পৰম্পৰাগত ঔষধ আৰু খাদ্য যেনে– তুলসী, আদা, নেমু, হালধি আদি অতিৰিক্তভাৱে গ্রহণ কৰিবলৈও আহ্বান জনায়৷ যাৰ জৰিয়তে দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় হ’ব৷ ইপিনে, কেন্দ্র আৰু ৰাজ্য চৰকাৰ তথা প্রশাসনে ক’ৰোনা ভাইৰাছৰ সম্প্রসাৰণ ৰোধ কৰাৰ বাবে লোৱা ব্যৱস্থাৱলীৰ প্রতি পূর্ণ সমর্থন আগবঢ়াইছে ভাৰতীয় কমিটীয়ে পার্টী (চিপিআই)ৰ অসম ৰাজ্য পৰিষদে৷ এক বিবৃতিত দলটোৰ অসম ৰাজ্য পৰিষদৰ সম্পাদক মুনীন মহন্তই বিশ্বজুৰি মহামাৰীৰ ৰূপ লোৱা ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে সকলো শ্রেণীৰ লোকক ঐক্যবদ্ধ হৈ যুঁজ দিবলৈ আহ্বান জনায়৷ এই প্রসংগতে তেওঁ কয়– ৰাজ্যখনৰ বাট–পথ, নলা–নর্দমা, হাট–বজাৰ নিয়মীয়াকৈ চাফ–চিকুণ কৰি ৰখাৰ বাবে বিশেষ আঁচনি গ্রহণ কৰিব লাগে৷ এই সংকটৰ সময়ত দিন হাজিৰা কৰি জীৱন নির্বাহ কৰা শ্রমিক, ব্যৱসায়ী, ৰিক্সা–ঠেলাচালক, অটোচালক, টেক্সি ড্রাইভাৰ আৰু কৃষকসকল সর্বাধিক ক্ষতিগ্রস্ত হ’ব৷ সেয়েহে চৰকাৰে অর্থনৈতিক উদ্যোগ আৰু ৰেচন যোগান ধৰাৰ মাধ্যমেৰে এওঁলোকক সকাহ দিয়াৰ বাবে কেন্দ্র আৰু ৰাজ্য চৰকাৰে ব্যৱস্থা গ্রহণ কৰিব লাগে ৷