নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগ্নিকাণ্ডঃ শৰাইঘাটৰ নতুন দলঙেৰে ব্যাহত যান–বাহনৰ চলাচল

নিয়মীয়া বার্তা, ২১ মার্চঃ শৰাইঘাটৰ নতুন দলঙৰ তলত শুকুৰবাৰে বিয়লি ৫ মান বজাত এটা ভয়ানক অগ্নিকাণ্ড সংঘটিত হয় ৷ জুইৰ লেলিহান শিখাই নিমিষতে ছানি ধৰে অঞ্চলটো ৷ ঘটনাত শৰাইঘাটৰ নতুন দলঙত এঘণ্টাতকৈ অধিক সময় যান–বাহনৰ আহ–যাহ বন্ধ হৈ পৰে ৷ পিছত যান–বাহন আৰক্ষী আৰু অগ্নিনির্বাপক বাহিনীৰ তৎপৰতাত জুই নির্বাপিত হয় ৷ এই ভয়ানক ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে শৰাইঘাট দলঙেৰে যাতায়াত কৰা বাহনৰ লগতে যাত্রীসকল ৷ অগ্নিকাণ্ডৰ সবিশেষ জানিব পৰা হোৱা নাই যদিও কোনো দুষ্ট লোকে শৰাইঘাট দলঙৰ দলত থকা প্লাষ্টিকৰ দ’মত জুই লগাই দিয়া বাবেই অগ্নিকাণ্ড সংঘটিত হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে ৷

You might also like