নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰেশ বৰুৱাৰ প্ৰস্তাৱক স্বাগতম সোণোৱালৰ

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ পৰেশ বৰুৱা আৰু আলফা স্বাধীনৰ সৈতে শান্তি আলোচনা সম্পৰ্কত চৰ্চা অব্যাহত থকাৰ মাজতে এইবাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আলোচনাৰ বাবে আহ্বান জনালে পৰেশ বৰুৱাক । পৰেশ বৰুৱাই শান্তি আলোচনা সম্পৰ্কত কোৱা কথাক স্বাগতম জনায় সকলোৱে মিলি এক স্থানীয় শান্তি প্ৰতিষ্ঠা কৰিম বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

কিছুদিনৰ পূৰ্বে এনডিএফবিৰ চাৰিওটা গোটে চৰকাৰৰ সৈতে শান্তি আলোচনাত চুক্তি কৰাৰ পাচতেই অসম তথা বড়োভূমিত এক শান্তিৰ পৰিৱেশ ঘূৰি আহিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । গতিকে আগন্তুক দিনত আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাকো শান্তি আলোচনালৈ আমন্ত্ৰণ কৰি মৰ্যদাসহকাৰে আলোচনা কৰাৰ লগতে এই বিষয়ত আগবাঢ়িম বুলি কয় সোণোৱালে ।

উল্লেখ্য যে, ইয়াৰে পূৰ্বে অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰেশ বৰুৱাক শান্তি আলোচনালৈ আমন্ত্ৰণ কৰাৰ পাচতেই পৰেশ বৰুৱাই শান্তি আলোচনাৰ মূল বিষয়বস্তু সাৰ্বভৌমত্ব হ’ব লাগিব বুলি উল্লেখ কৰিছিল । তাৰ পাচতেই দেওবাৰে অসম সাহিত্য সভাৰ বিদায়ী সভাপতি পৰমানন্দ ৰাজবংশীয়েও পৰেশ বৰুৱাক আহ্বান জনাইছিল শান্তি আলোচনাৰ বাবে । সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অসমৰ স্থায়ী শান্তি প্ৰতিষ্ঠাৰ বাবে পৰেশ বৰুৱাৰ প্ৰস্তাৱক স্বাগতম জনোৱাৰ লগতে মৰ্যদা সহকাৰে আগবাঢ়িম বুলি কয় ।

অসমৰ জনতাৰ হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসম চৰকাৰৰ অন্যতম মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰেশ বৰুৱাক জনোৱা এই আহ্বানৰ প্ৰতি আলফা স্বাধীনৰ সেনাধ্যক্ষ গৰাকীয়ে কিদৰে সঁহাৰি জনায় সেয়া সময়েহে স্পষ্ট কৰিব ।

You might also like