নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বড়ো ভূমিৰ ৰাজনীতিত নতুন মোৰঃ ইউ জি ব্ৰহ্মৰ সংগত প্ৰমোদ বড়ো

নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ বিটিআৰ শান্তি চুক্তিৰ পাচত সমাগত পৰিষদীয় নিৰ্বাচনে উত্তাল কৰি ৰখা বড়োভূমিৰ ৰাজনীতিয়ে নতুন মোৰ লৈছে । সকলো জল্পনা-কল্পনা আৰু বড়ো ৰাজনীতিৰ এক বহু চৰ্চিত সমীকৰণৰ অৱসান ঘটাই কাৰ্যতঃ সক্ৰিয় ৰাজনীতিত অভিষেক ঘটিল শান্তি চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী তথা নিখিল বড়ো ছাত্ৰ সন্থাৰ (এবছু) প্ৰাক্তন সভাপতি প্ৰমোদ বড়োৰ । বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য তথা বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰে তীক্ষ্ণ বাকযুদ্ধ অব্যাাহত ৰখা বড়োৱে সংগ ল’লে ইউ জি ব্ৰহ্ম নেতৃত্বাধীন ইউ পি পি এলৰ । চিৰাং জিলাৰ বিজনীৰ নিকটৱৰ্তী লেছিয়া গাঁৱত শুকুৰবাৰৰ পৰা অনুষ্ঠিত ইউ পি পি এলৰ চতুৰ্থ বাৰ্ষিক অধিৱেশনৰ বিয়লি অনুষ্ঠিত প্ৰতিনিধি সভাত এবছুৰ প্ৰাক্তন সভাপতিজনৰ পদাৰ্পণ ঘটে । অকল পদাৰ্পণ কৰাই নহয়, প্ৰতিনিধি সভাত দীৰ্ঘসময় ধৰি তেওঁ বক্তব্য আগবঢ়ায় ৷

ইউ পি পি এলৰ প্রতিনিধি সভাত উপস্থিত হোৱাৰ লগে লগে বড়োৰ সক্রিয় ৰাজনীতিত প্রৱেশৰ বহুচর্চিত বিষয়টো নিশ্চিত হয়৷ এতিয়া মাথোঁ আনুষ্ঠানিকতাহে বাকী৷ বড়োৱে নিজেই ‘নিয়মীয়া বার্তা’ক জানিবলৈ দিয়া মতে, কাইলৈ দিনৰ ভাগত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত তেওঁ আনুষ্ঠানিকভাৱে যোগদান কৰিব ইউ পি পি এলত৷ উল্লেখ্য যে যোৱা ২৭ জানুৱাৰীত কেন্দ্র–ৰাজ্য চৰকাৰ আৰু এন ডি এফ বিৰ চাৰিওটা গোট–এবছুৰ মাজত বি টি আৰ শান্তি চুক্তি সম্পন্ন হোৱাৰ পাছতে এবছুৰ মজিয়া ত্যাগ কৰিছিল বড়োৱে ৷ লগে লগে তেওঁৰ ৰাজনৈতিক জগতত পদার্পণক লৈ ব্যাপক চর্চা আৰম্ভ হয়৷ বিগত কেইদিনত বড়োভূমিৰ ৰাজনীতিত এই চর্চা তুংগত উঠিছিল৷ অৱশ্যে ইয়াৰ মাজতে বড়োৱে ইউ পি পি এলত যোগদান কৰাটো প্রায় নিশ্চিত হৈ পৰে যদিও আনুষ্ঠানিকতা কেতিয়া সম্পন্ন হয়, তাক লৈ সৃষ্টি হৈছিল উৎকণ্ঠা তথা জল্পনা–কল্পনা৷ অৱশেষত ইউ পি পি এলৰ আজিৰ প্রতিনিধি সভাৰ মজিয়াত ইয়াৰ অৱসান ঘটে৷ ইউ পি পি এলৰ প্রতিনিধি সভাত দিয়া ভাষণত এবছুৰ প্রাক্তন সভাপতিজনে কেইবাটাও গুৰুত্বপূর্ণ মন্তব্য কৰে৷ তেওঁ কয় যে যোৱা ২৭ জানুৱাৰীত চুক্তি স্বাক্ষৰ হৈ যোৱাৰ পাছত প্রায় প্রতিদিনে সংবাদ মাধ্যমত বিভিন্ন বাতৰি প্রকাশ পাই আহিছে৷ বিটিচিৰ মুৰব্বী আৰু তেওঁৰ সোঁৱে–বাঁৱে থকা একাংশই চুক্তিখন বেয়া আখ্যা দি কিবাকিবি কৈ আছে৷ কিন্তু চুক্তিখন সন্দর্ভত মোৰ দৃষ্টিৰে কওঁ যে আমি প্রধানতঃ দুটা কাৰণতে সংগ্রাম কৰোঁ– নিৰাপত্তা আৰু উন্নয়ন লাগে৷ পৃথিৱীৰ যিকোনো প্রান্তত যেতিয়াই দমন হয়, তেতিয়াই আন্দোলন গঢ়ি উঠে ৷ এই আন্দোলনৰ উদ্দেশ্য– নিৰাপত্তা ৷ এতিয়া প্রশ্ন হৈছে– চুক্তিৰ পাছত বিটিচিলৈ নিৰাপত্তা আহিল নেকি? এন ডি এফ বিৰ লগতে গণতান্ত্রিকভাৱে সংগ্রাম অব্যাহত ৰখা এবছুৱে শান্তি চুক্তি স্বাক্ষৰ কৰাৰ লগে লগে বিটিচিত এতিয়া শান্তি স্থাপন হ’ল ৷ যিবোৰ কাৰকৰ কাৰণে নিৰাপত্তাহীনতাৰ সৃষ্টি হয়, সেই কাৰকবোৰ নোহোৱা হৈ গ’লেই শান্তি নিশ্চিত ৷ সুখ, শান্তি বিচৰাসকলক শান্তি চুক্তিয়ে সাহস দিয়াই নহয়, তেওঁলোকে শান্তি চুক্তিখনক সমর্থন কৰিব বুলিও তেওঁ মন্তব্য কৰে ৷ এই প্রসংগতে বি পি এফৰ সভাপতি মহিলাৰীক তীক্ষ্ণ কটাক্ষ কৰে বড়োৱে ৷

তেওঁৰ ভাষ্য– প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ইয়ালৈ আহি ক’বলৈ বাধ্য হৈছে যে বিটিচিৰ পৰা অসম–ভাৰতে বহুত শিকিবলগীয়া আছে৷ ইয়াৰ বাবে আমি আনন্দিত হ’ব পাৰোঁ৷ প্রধানমন্ত্রীৰ এনে মন্তব্যৰ পাছত আমাক আৰু বেলেগৰ চার্টিফিকেট নালাগে৷ কোকৰাঝাৰত বহি থকা ডাঙৰীয়াই কি কয়, কি নকয় সেয়া আমাৰ বাবে প্রয়োজনীয় নহয়৷ ৰাষ্ট্রপতি–প্রধানম সংসদৰ মজিয়াত শান্তি চুক্তিৰ কথা উল্লেখ কৰিছে৷ বি টি আৰ চুক্তি ৰূপায়ণ কৰাটো চৰকাৰৰ দায়িত্ব বুলি দোহাৰি তেওঁ কয় যে চুক্তিত সকলো জাতি–জনগোষ্ঠীৰ বাবে কিবা নহয় কিবা আছে৷ শান্তি চুক্তি সম্পাদনৰ পাছত বিটিচিৰ পৰা দুর্নীতিগ্রস্ত আৰু ভ্রষ্টাচাৰী নেতাক বাহিৰলৈ উলিয়াই দিয়াটোকেই দ্বিতীয় যুদ্ধ ৰূপে ঘোষণা কৰে বড়োৱে৷ এই প্রসংগত তেওঁ কয় যে ২০০৯ চনতে আমি দেৱালত লিখিছিলোঁ– আমাক অস্ত্র আৰু হিংসামুক্ত এখন সমাজ লাগে৷ আমি সেই সমাজখন পাবলৈ সক্ষম হ’লোঁ৷ এতিয়া আমাৰ দ্বিতীয় যুদ্ধ হ’ব দুর্নীতিগ্রস্ত আৰু ভ্রষ্টাচাৰী নেতাক বাহিৰ কৰাটো৷ জৱাহৰলাল নেহৰুৱে কল্যাণকামী ৰাষ্ট্রৰ ঘোষণা কৰিছিল৷ বর্তমানৰ প্রধানমন্ত্রীয়ে কৈছে সবকা সাথ সবকা বিকাশৰ কথা৷ আমি এনেধৰণৰ আদর্শৰে আগবাঢ়ি যাব লাগিব৷ তাৎপর্যপূর্ণভাৱে ইউ পি পি এলৰ চতুর্থ বার্ষিক অধিৱেশনৰ আজিৰ প্রতিনিধি সভাখনত উপস্থিত আছিল এন ডি এফ বি (পি)ৰ সভাপতি তথা অন্যতম শান্তি চুক্তি স্বাক্ষৰকাৰী গোবিন্দ বসুমতাৰী৷ দীর্ঘসময় ধৰি সশস্ত্র সংগ্রাম কৰা বসুমতাৰীৰো যে সক্রিয় ৰাজনীতিত পদার্পণ ঘটিব, সেই কথা তেওঁ প্রতিনিধি সভাত দিয়া ভাষণতেই স্পষ্ট হ’ল৷ নিজ ভাষণৰ আৰম্ভণিতে বসুমতাৰীয়ে কয়– বর্তমান মই যিযোৰ সাজ পিন্ধি আছোঁ, সলাব লাগিব৷ দৰকাৰ হ’ব৷ অৱশ্যে এতিয়ালৈ মই সলোৱা নাই৷ কিন্তু সলাম৷ ৰাজনীতি বিষয়টো বেয়া পোৱা বাবেই কলেজত মই ৰাজনীতি বিজ্ঞান লোৱা নাছিলোঁ৷ বড়োলেণ্ড কোনো এটা বিশেষ জনগোষ্ঠীৰ কাৰণে নহয়, বৰঞ্চ সকলো জাতি–জনগোষ্ঠীৰ বাবেই বুলি তেওঁ উল্লেখ কৰে৷ এন ডি এফ বি (পি)ৰ শীর্ষ নেতাজনে শান্তি চুক্তিৰ প্রসংগত এক গুৰুত্বপূর্ণ মন্তব্য কৰি কয় যে শান্তি চুক্তিৰ বাবেই বড়োভূমিত অস্ত্রৰ জনজননি চিৰকালৰ বাবে নাইকিয়া হৈ গ’ল৷ দীর্ঘদিনে ভূটান, ম্যানমাৰ আদিৰ জংঘলত থাকি সংগ্রাম কৰা এন ডি এফ বিৰ সদস্যসকলে নিজৰ ঘৰ–সমাজলৈ ঘূৰি আহিব পাৰিলে৷ উল্লেখ্য যে আজি দুপৰীয়াৰ ভাগত মূল প্রৱেশদ্বাৰৰ ফিটা কাটি ইউ পি পি এলৰ চতুর্থ বার্ষিক অধিৱেশনৰ কার্যসূচীৰ শুভাৰম্ভ কৰে এম চি এল এ গুণেশ্বৰ গয়াৰীয়ে৷ বিয়লি নাম পঞ্জীয়নৰ পাছতে অনুষ্ঠিত হয় প্রতিনিধি সভা৷ আজিৰ প্রতিনিধি সভাত বিভিন্ন দল–সংগঠনৰ বহুকেইজন নেতা–সদস্যই আনুষ্ঠানিকভাৱে ইউ পি পি এলত যোগদান কৰে৷ কাইলৈ দ্বিতীয় দিনা হোৱা পতাকা উত্তোলন আৰু শ্বহীদ তর্পণৰ পাছতেই দুপৰীয়া অনুষ্ঠিত হ’ব মুকলি সভা৷

You might also like