নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ তথ্য জনাৰ অধিকাৰ আইন (আৰ টি আই)ৰ জৰিয়তে তথ্য সংগ্রহ কৰি বিভিন্নজনক ব্লেকমেইলিং কৰা সন্দর্ভত দুলাল বৰাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ তদন্ত প্রক্রিয়া ক্ষিপ্রতৰ কৰি তুলিছে চি আই ডিয়ে ৷ গোচৰটো সংক্রান্তত ইতিমধ্যে বন বিষয়াসহ মুঠ ১২জন লোকক তদন্তকাৰী সংস্থাটোৰ মহানগৰীৰ উলুবাৰীত থকা কার্যালয়ত হাজিৰ হ’বলৈ জাননী জাৰি কৰা হৈছে ৷
চি আই ডিৰ এক সূত্রই জনোৱা মতে, আৰ টি আইক হাতিয়াৰ হিচাপে লৈ বিভিন্নজনক ব্লেকমেইলিং কৰা দুলাল বৰাক গ্রেপ্তাৰ কৰাৰ পিছত বৰাৰ স্বীকাৰোক্তিৰ ভিত্তিত তদন্তকাৰী বিষয়াই বর্তমানলৈকে ১২জন লোকলৈ জাননী জাৰি কৰিছে ৷ এই লোকসকলৰ ভিতৰত আছে আঞ্চলিক বন বিষয়া পংকজ কলিতা, ফৰেষ্টাৰ–১ মুনীন বর্মন, অৱসৰপ্রাপ্ত বন বিষয়া পোহৰ আলী, কাৰাগাৰসমূহৰ মহাপৰিদর্শকৰ কার্যালয়ৰ অৱসৰপ্রাপ্ত জ্যেষ্ঠ সহায়ক গজেন চন্দ্র দাস আদি ৷
উল্লেখ্য যে দুলাল বৰাক গ্রেপ্তাৰ কৰা গোচৰত চি আই ডিয়ে কেইদিনমান পূর্বে গুৱাহাটীৰ ইকবাল আনোৱাৰ নামৰ উপ–আঞ্চলিক বন বিষয়া এজনকো গ্রেপ্তাৰ কৰিছে ৷ আনহাতে, আৰ টি আইৰ জৰিয়তে বিভিন্নজনক ব্লেকমেইলিং কৰি দুলাল বৰাই ধন আহৰণ কৰা গোচৰত ইকবাল আনোৱাৰক গ্রেপ্তাৰ কৰাৰ পিছত চি আই ডিয়ে যোৱা শনিবাৰে আঞ্চলিক বন বিষয়া পংকজ কলিতাৰ সন্ধানত অভিযান চলাইছিল ৷ কলিতাৰ মালিগাঁৱত থকা ফ্লেটত তালাচী চলায় চি আই ডিয়ে৷ কিন্তু চি আই ডিৰ অভিযানৰ উমান পাই ঘৰৰ পৰা পলায়ন কৰে কলিতাই ৷
ইফালে, চি আই ডিৰ জাননী পাই সোমবাৰে তদন্তকাৰী সংস্থাটোৰ কার্যালয়ত হাজিৰ হয় অৱসৰপ্রাপ্ত বন বিষয়া পোহৰ আলী আৰু কাৰাগাৰসমূহৰ মহাপৰিদর্শকৰ কার্যালয়ৰ অৱসৰপ্রাপ্ত জ্যেষ্ঠ সহায়ক গজেন চন্দ্র দাস ৷ চি আই ডিৰ সূত্রটোৱে জনোৱা মতে, মহানগৰীৰ ছুপাৰ মার্কেটৰ ঊষা নগৰত থকা গজেন চন্দ্র দাসৰ ঘৰত দুলাল বৰাই বন বিষয়া ৰবীন বৈশ্যৰ লগত ধনৰ লেনদেন কৰিছিল ৷ ৰবীন বৈশ্যই দুলাল বৰাক লগ কৰাই দিবলৈ পোহৰ আলীক খাটনি ধৰিছিল ৷ তেতিয়া অৱসৰপ্রাপ্ত বন বিষয়া পোহৰ আলীয়ে ৰবীন বৈশ্য আৰু দুলাল বৰাক গজেন চন্দ্র দাসৰ বাসগৃহত লগ কৰাই দিয়াৰ প্রস্তাৱ দিয়ে ৷ কিয়নো ৰবীন বৈশ্যৰ ঘৰৰ ওচৰতে গজেন চন্দ্র দাসৰ ঘৰ ৷ গজেন চন্দ্র দাসৰ লগত দুলাল বৰাৰ সম্পর্ক আছিল ৷ সেইমর্মে দুলাল বৰাই গজেন চন্দ্র দাসৰ ঘৰত ৰবীন বৈশ্যক লগ কৰিছিল ৷ চি আই ডিৰ সূত্রটোৰ মতে, ২০১৬ চনতে দুলাল বৰাই ৰবীন বৈশ্যক গজেন চন্দ্র দাসৰ ঘৰত লগ কৰিছিল ৷
অৱশ্যে, সেই সময়ত দুয়োজনে কি কথা পাতিছিল, সেই বিষয়ে একো নাজানে বুলি গজেন চন্দ্র দাসে চি আই ডিৰ জেৰাত প্রকাশ কৰে৷ সেই সময়ত পত্নী ঘৰত নথকাত গজেন চন্দ্র দাসে চাহ বনাই দুয়োজনকে খুৱাইছিল বুলি জনাইছে৷ গজেন চন্দ্র দাসৰ ঘৰত সেইদিনা দুলাল বৰা আৰু ৰবীন বৈশ্যৰ মাজত ধনৰ লেনদেন হোৱা বুলি চি আই ডিৰ তদন্তকাৰী বিষয়াই সন্দেহ কৰিছে৷ চি আই ডিৰ সূত্রটোৱে জনোৱা মতে, পোহৰ আলী আছিল দুলাল বৰাৰ মধ্যস্থতাকাৰী৷ এতিয়া পোহৰ আলী আৰু গজেন চন্দ্র দাস দুলাল বৰাৰ বিৰুদ্ধে ৰাজসাক্ষী হোৱাৰ সম্ভাৱনা আছে৷ ইফালে, চি আই ডিয়ে গ্রেপ্তাৰ কৰা উপ–আঞ্চলিক বন বিষয়া ইকবাল আনোৱাৰক ৬ দিনীয়া জিম্মাৰ সময় শেষ হোৱাত আজি চি আই ডিয়ে আদালতত হাজিৰ কৰায়৷ চি আই ডিয়ে পুনৰ চাৰি দিনৰ জিম্মাত বিচাৰি আবেদন জনাইছিল যদিও আদালতে ইকবাল আনোৱাৰক গুৱাহাটী কেন্দ্রীয় কাৰাগাৰলৈ প্রেৰণ কৰে৷ উল্লেখ্য যে চি আই ডিয়ে কালি ইকবাল আনোৱাৰৰ মহানগৰীৰ গীতানগৰৰ চাহাব টিলাত থকা ঘৰত অভিযান চলাই পান কার্ড, ৫খন পাছবুক আৰু এ এছ–০১ বি ই–৬৫৭৮ নম্বৰৰ এখন এল্ট’ গাড়ী জব্দ কৰে ৷