নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহিঃৰাজ্যৰ পৰা অহা লোকে প্ৰত্যাহ্বান আনিছে নেকি ৰাজ্যলৈ?

নিয়মীয়া বাৰ্তা, ১০ মেঃ দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ অহা ১৪জন লোকৰ দেহত পোৱা গৈছে COVID-19। বহিঃৰাজ্যৰ পৰা অহা লোকসকল এতিয়া ৰাজ্যখনৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে। এনে সময়তো এই প্ৰত্যাহ্বানৰ সৈতে যুঁজ দিবলৈ সাজু ৰাজ্যৰ স্বাস্থ্য বিভাগ।

আমি এতিয়াহে কঠিন সময়ৰ সন্মুখীন হৈছো। দুৰ্যোগৰ সময়ত অসমবাসীক বাহিৰত ৰাখিব নোৱাৰো। এই প্ৰত্যাহ্বান আমি গ্ৰহণ কৰিবই লাগিব। ৰাজ্যৰ পৰিস্থিতি আগতকৈ ভয়াৱহ হ’ব। বাহিৰৰ পৰা প্ৰতিগৰাকী ৰোগীৰ বেমাৰ প্ৰাৰম্ভিক পৰ্যায়তে আমি চিকিৎসা কৰিব পাৰিছো। বহিঃৰাজ্যৰ পৰা অহালোকসকলক নাহিব বুলি কোৱাৰ আমাৰ নৈতিক আৰু আইনগত অধিকাৰ নাই বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

You might also like