নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুৰীয়াত গ্ৰেপ্তাৰ দুই দুৰ্ধৰ্ষ ডকাইত

নিয়মীয়া বাৰ্তা, ১০ মে’ : জুৰীয়া আৰক্ষী আৰু সীমান্ত আৰক্ষীয়ে যোৱা নিশা যৌথভাৱে চলোৱা অভিযানত জুৰীয়াৰ চতিয়ান গাঁৱৰ পৰা দুটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

গ্ৰেপ্তাৰ হোৱা দুই ডকাইত হৈছে ইৰচাদ আলী আৰু ছাইফুল ইছলাম।

বিগত ২০১৭ চনত জুৰীয়া আৰক্ষী থানাত পঞ্জীয়নভুক্ত গোচৰ নম্বৰ ৬০৭/১৭ ৰ ভিত্তিত আজি গ্ৰেপ্তাৰ কৰে দুয়োজন ডকাইতক।

উল্লেখ্য যে, ধৃত ডকাইত দুটা নগাঁও জিলাৰ বিভিন্ন ঠাইত সংঘটিত কেইবাটাও ডকাইতি, হত্যাকাণ্ডৰ সৈতে জড়িত আছিল।

You might also like