নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বজিৎ হাজৰিকাৰ হত্যাকাণ্ড: তদন্তৰ বাবে মৰিগাঁও চৰকাৰী শ্মশানৰ পৰা চি আই ডি আৰু ফৰেণচিকৰ দলে খান্দি উলিয়ালে বিশ্বজিৎৰ মৃতদেহ

 

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চ: প্ৰায় পাঁচ মাহৰ আগতে অপহৰণ কৰি হত্যা কৰা গুৱাহাটীৰ বিশ্বজিৎ হাজৰিকাৰ মৃতদেহ তদন্তৰ বাবে আজি মৰিগাঁও চৰকাৰী শ্মশানৰ পৰা চি আই ডি আৰু ফৰেণচিক দলৰ উপস্থিতিত গাঁত খান্দি উলিওৱা ঘটনাই ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে।শ্মশানৰ পৰা উলিওৱা বিশ্বজিৎৰ মৃতদেহটো ইতিমধ্যে ফৰেণচিক দলে পৰীক্ষাৰ বাবে গুৱাহাটী ফৰেণচিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে। উল্লেখ্য যে পাঁচ মাহৰ পূৰ্বে সংঘটিত ঘটনাৰ অনুসৰি বিগত ৯ অক্টোবৰত গুৱাহাটীত কৰ্তব্যৰত ফাৰ্মাচিৰ পৰা উভতা পথত অপহৰণ কৰা হৈছিল বিশ্বজিৎ হাজৰিকাক। বিশ্বজিৎৰ মুক্তিপণ হিচাপে দাবী কৰা হৈছিল ৪০ লাখ টকা। অপহৰণৰ ঘটনাক লৈ সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হোৱাৰ পিছতেই অপহৰণকাৰীয়ে হত্যাৰ পৰিকল্পনা কৰিছিল বিশ্বজিৎক। কাৰ্বি আংলংৰ আমগুৰি নামৰ ঠাইত অপহৰণ কৰি ৰখা অপহৰণকাৰীয়ে ২২ দিনৰ পিছত অথ্যাৎ ২৩ অক্টোবৰত বিশ্বজিৎক হত্যা কৰি মৰিগাঁও জিলা নেলীৰ কিলিং নৈত পেলাই দিয়ে। আৰু ১ নবেম্বৰত নেলীৰ কিলিং নৈত বিশ্বজিৎৰ মৃতদেহটো নেলী আৰক্ষীয়ে উদ্ধাৰ কৰি মৰিগাঁও অসামৰিক চিকিৎসালয়ত কেইবাদিনো ধৰি মৰ্গত ৰাখে।মৃতদেহটো চিনাক্ত নোহোৱাত অৱশেষত মৰিগাঁও আৰক্ষীয়ে চৰকাৰী নীতি নিয়মৰ মাজেৰে মৰিগাঁও চৰকাৰী শ্মশানত সৎকাৰ কৰে। এই সমগ্ৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড বিশ্বজিৎৰ শৈশৱৰ বন্ধু অজয় কলিতা সহ ৬ জনকৈ লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পিছতেই সকলোবোৰ তথ্য পোহৰলৈ আহে। একমাত্ৰ পুত্ৰক হেৰুৱাই শোকত ম্ৰিয়মান হৈ পৰা বিশ্বজিৎৰ বৃদ্ধ পিতৃ -মাতৃয়ে অসমৰ মুখ্যমন্ত্ৰীকো এই সন্দৰ্ভত অৱগত কৰিছিল।পুত্ৰ ঘৰলৈ উভতি আহিব বুলি আগ্ৰহেৰে বাট চাই থকা বৃদ্ধ পিতৃ -মাতৃয়ে আৰক্ষীক দিয়া অভিযোগো বিশেষ আগবঢ়া নাছিল। আৰক্ষীয়ে তদন্তৰ একপ্ৰকাৰে নিষ্প্রভ হৈ পৰা সময়তে যোৱা ৯ ফেব্ৰুৱাৰীত বিশ্বজিৎ হাজৰিকাৰ পিতৃ -মাতৃয়ে আৰক্ষী আয়ুক্ত দিগন্ত বৰাক সাক্ষাৎ কৰি সমগ্ৰ ঘটনাটো তদন্তৰ বাবে আহ্বান জনাই। ইয়াৰ পাছতেই আৰক্ষী আয়ুক্তৰ নিৰ্দেশ অনুসৰি পুনৰ বিশ্বজিৎৰ অপহৰণ ঘটনাৰ তদন্ত ফাইল আৰম্ভ কৰা কৰে। অপৰাধ শাখাৰ দল আৰু দিছপুৰ আৰক্ষীয়ে পুনৰ নতুন দৃষ্টিভংগীয়ে আৰম্ভ কৰে বিশ্বজিৎৰ অপহৰণ তদন্ত। তিনিদিনৰ ভিতৰতে তদন্তকাৰী দলে সমগ্ৰ ঘটনাটো ক্ষিপ্ৰতাৰে তদন্ত কৰি সমগ্ৰ ঘটনাটো পোহৰলৈ আনে।

You might also like