নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৎপৰ ৰাজ্য চৰকাৰঃ পৰীক্ষা কৰা হ’ব গুৱাহাটীলৈ অহা শাক–পাচলিৰ

নিয়মীয়া বাৰ্তা, ৪ মার্চ: কেতবোৰ দুৰাৰোগ্য ৰোগৰ কাৰক হিচাপে বিবেচিত কীটনাশকযুক্ত বিষাক্ত শাক–পাচলি বিক্রীৰ নিষেধ কৰাৰ বাবে তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশৰ পাছতে ৰাজ্যৰ বজাৰত কিদৰে বিষাক্ত শাক–পাচলিৰ বিক্রী নিষেধ কৰিব পাৰি, তাক লৈ উচ্চ পর্যায়ৰ আলোচনা অনুষ্ঠিত কৰিছে৷ য’ত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত গুৱাহাটীৰ বজাৰলৈ অহা শাক–পাচলি পৰীক্ষাৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰিবলৈ ইয়াৰ বাবে কৃষি গুৱাহাটী, পৌৰ নিগম, আৰক্ষী আয়ুক্ত আৰু পৰিবহণ বিভাগৰ প্রতিনিধিৰে ৬টা বিশেষ গোট গঠন কৰা হ’ব৷ এই গোটসমূহে গুৱাহাটীক সংযোগ কৰা গুৰুত্বপূর্ণ পথসমূহত মোবাইল কিটৰ জৰিয়তে শাক–পাচলিৰ নমুনা সংগ্রহ কৰি পৰীক্ষা কৰিব৷ এই সন্দর্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হোৱা এটা গোচৰৰ শুনানিত ৰাজ্য চৰকাৰে এই কথা প্রকাশ কৰিছে ৷ ন্যায়ালয়ৰ মজিয়াত প্রকাশ কৰা অনুসৰি শীঘ্রে ‘বার্ক’ৰ পৰা ম’বাইল কিটসমূহ সংগ্রহ কৰা হ’ব৷ কেৱল গুৱাহাটীয়েই নহয়, অসমৰ ভিন্ন প্রান্তত শাক–পাচলি উৎপাদন কৰা ক্ষেত্রসমূহতো কৃষি বিভাগে নমুনা সংগ্রহ কৰিব৷ গুৱাহাটীৰ পাইকাৰী বজাৰলৈ শাক–পাচলি যোগান ধৰা বজাৰসমূহৰ পৰা এই নমুনা সংগ্রহ কৰা হ’ব৷ আনহাতে, শাক–পাচলিৰ ভেদে ৰাসায়নিক সাৰ ব্যৱহাৰৰ ক্ষেত্রত কৃষকসকলক সজাগ কৰাৰ বাবে কৃষি বিভাগে ৭ দিনৰ ভিতৰত ব্যৱস্থা গ্রহণ কৰিব লাগিব৷ অসম কৃষি বিশ্ববিদ্যালয়ে এই সমস্যা সমাধানৰ বাবে ভূমি আৰু পানীৰ ওপৰত গৱেষণা কৰিব৷ সেইদৰে ভাৰতীয় চাহ ব’র্ডেও চাহ বাগিচাসমূহত অধ্যয়নৰ জৰিয়তে ৰাসায়নিক সাৰ ব্যৱহাৰৰ ক্ষেত্রত প্রতিবেদন প্রস্তুত কৰিব৷ ৰাজ্যলৈ অহা কীটনাশক সামগ্রীসমূহৰ ওপৰত নজৰ ৰাখিবলৈ তথ্য–প্রযুক্তি সমৃদ্ধ ব্যৱস্থা লোৱা হ’ব বুলি বৈঠকখনত সিদ্ধান্ত গ্রহণ কৰা হয়৷ কীটনাশক ডীলাৰ আৰু কৃষি বিভাগৰ বিষয়াসকলৰ বাবে এক প্রশিক্ষণ কার্যসূচী গ্রহণ কৰিবলৈ বৈঠকত সিদ্ধান্ত লোৱা হৈছে৷ গুৱাহাটীৰ পাইকাৰী বজাৰসমূহতো এনেধৰণৰ পৰীক্ষা কৰিবলৈ উচ্চ ন্যায়ালয়ে নির্দেশ প্রদান কৰি গোচৰটোৰ পৰৱর্তী শুনানিৰ দিন ২১ মার্চ ধার্য কৰিছে৷ সেইদিনাই এই সন্দর্ভত গ্রহণ কৰা পদক্ষেপৰ বিষয়ে ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ক অৱগত কৰিব লাগিব৷

You might also like