নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বজুৰি ভয়াৱহ দাৰিদ্র্যৰ গ্রাসত ৩৪.৫ কোটি লোক

খাদ্যৰ অভাৱত প্রতি চাৰি ছেকেণ্ডত প্রাণ হেৰুৱাইছে এজনে

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰ: বিশ্বজুৰি অভাৱনীয় হাৰত বৃদ্ধি পাইছে দৰিদ্র লোকৰ সংখ্যা৷ প্রতি ৪ ছেকেণ্ডত বিশ্বত খাদ্যৰ অভাৱত মৃত্যুমুখত পৰিছে এজনকৈ লোক৷ গোলকীয় উষ্ণতা বৃদ্ধি, কর্মহীনতাৰ ফলত সমগ্র বিশ্বত দুর্ভিক্ষই নতুন ৰূপ লাভ কৰিছে৷ কালি ৰাষ্ট্রসংঘৰ ৭৭সংখ্যক সাধাৰণ পৰিষদৰ বৈঠকত এই তথ্য দাখিল কৰে ২ শতাধিক স্বেচ্ছাসেৱী সংগঠনৰ কর্মকর্তাসকলে৷ এখন মুকলি চিঠিত বিশ্বৰ ৭৫খন দেশৰ ২৩৮টা স্বেচ্ছাসেৱী সংস্থাই এই সমস্যাৰ পৰা পৰিত্রাণ পাবলৈ সমগ্র পৃথিৱীৰ দেশবোৰক ঐক্যবদ্ধ হোৱাৰ আহ্বান জনাইছে৷ স্বেচ্ছাসেৱী সংগঠনসমূহে দাখিল কৰা প্রতিবেদন অনুসৰি এই মুহূর্তত বিশ্বত ৩৪.৫ কোটি লোক তীব্র খাদ্য সংকটৰ সন্মুখীন হৈছে৷

ইফালে পৰিস্থিতি ইমানেই ভয়াৱহ হৈ গৈ আছে যে, কম সময়ৰ ভিতৰতে অতিৰিক্তভাৱে ৫ কোটি লোক দুর্ভিক্ষৰ গ্রাসত পৰিব৷ ২০১৯ চনৰ পৰা খাদ্য সংকটত ভোগা লোকৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে পৃথিৱীত৷ একবিংশ শতিকাত কোনো লোক দুর্ভিক্ষৰ কবলত থাকিবলগীয়া নহ’ব বুলি সমৃদ্ধিশালী দেশসমূহে শ্লোগান দিছিল যদিও সেয়া আস্ফালনত পৰিণত হোৱা বুলি ৰাষ্ট্রসংঘৰ মজিয়াত সজোৰে ঘোষণা কৰিছে স্বেচ্ছাসেৱী সংগঠনসমূহে৷ স্মর্তব্য যে ক’ভিড অতিমাৰীৰ উপৰি কৃষিক্ষেত্রত জলবায়ু পৰিৱর্তনৰ প্রভাৱ আৰু বিভিন্ন প্রান্তত চলি থকা যুদ্ধ–সংঘর্ষয়ো লাখ লাখ লোকক দুর্ভিক্ষৰ গ্রাসলৈ ঠেলিছে৷

You might also like