নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুগান্তকাৰী পৰিৱর্তন দেশৰ শীর্ষ আদালততঃ ছুপ্রিম ক’ৰ্টৰ শুনানিৰ লাইভ সম্প্রচাৰৰ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰ: আগন্তুক সপ্তাহৰ পৰাই উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ শুনানি দেখিবলৈ পোৱা যাব প্রত্যক্ষভাৱে ৱেবছাইটত৷ ২৭ ছেপ্ঢেম্বৰৰ পৰা উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত গোচৰৰ সম্প্রচাৰ দেখিবলৈ পোৱা যাব বুলি ন্যায়ালয়ৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে৷ দেশৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব লোৱাৰ পিছতে বিচাৰপতি ইউ ইউ ললিতে এই সিদ্ধান্ত গ্রহণ কৰে৷ মুখ্য ন্যায়াধীশ ললিতৰ এই সিদ্ধান্তক অতি তাৎপর্যপূর্ণ বুলি বিভিন্ন মহলে মন্তব্য কৰিছে৷

স্মর্তব্য যে ২০১৮ চনতে উচ্চতম ন্যায়ালয়ৰ শুনানিৰ লাইভ সম্প্রচাৰৰ পক্ষত মত পোষণ কৰা হৈছিল৷ কিন্তু সেয়া বাস্তৱত কার্যকৰী হৈ উঠা নাছিল৷ সাংবিধানিক বিচাৰপীঠে শুনানিৰ জৰিয়তে এইবাৰ তাক আনুষ্ঠানিকভাৱে আৰম্ভ কৰিবলৈ প্রস্তুতি চলাইছে৷ এই বিষয়টো সন্দর্ভত অলপতে দেশৰ মুখ্য ন্যায়াধীশ ইউ ইউ ললিতে অন্য বিচাৰপতিসকলৰ সৈতে এক বৈঠকত মিলিত হৈ সিদ্ধান্ত লৈছিল৷ প্রথমতে সাংবিধানিক বিচাৰপীঠৰ শুনানিৰ লাইভ সম্প্রচাৰ হোৱাৰ পিছত পৰৱর্তী সময়ত সকলো গোচৰৰ শুনানিৰ লাইভ সম্প্রচাৰ কৰা হ’ব বুলিও ছুপ্রিম ক’র্টে ঘোষণা কৰিছে৷

You might also like