নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙালৈ ভাল খবৰ

হ্ৰাস পাইছে গঁড় হত্যাৰ সংখ্যা

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ নৱবৰ্ষৰ আৰম্ভণিতে অসমবাসীৰ বাবে এটা ভাল খবৰ। বিগত কেইবাবছৰ ধৰি কাজিৰঙাত ভয়ংকৰ ভাৱে বৃদ্ধি পাইছিল গঁড় হত্যাৰ ঘটনা। কিন্ত লক্ষণীয়ভাৱে গঁড় হত্যাৰ সংখ্যা কমিছে কাজিৰঙাত। ২০১৯ বৰ্ষত ৩টা গঁড় হত্যা হৈছে কাজিৰঙাত আৰু এই গঁড় হত্যাৰ লগত জড়িত চোৰাংচিকাৰীকো কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে আৰক্ষী। গঁড় হত্যাকাৰীৰ ঘাটি হিচাপে পৰিচিত কাজিৰঙা বনাঞ্চলৰ নগাঁও জিলাৰ অন্তৰ্গত বুঢ়া পাহাৰ আৰু বাগৰিত হোৱা নাই গঁড় হত্যা। এই সন্দৰ্ভত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক সত্যব্ৰত ৰায়মেধিয়ে কয় যে আমি এই সন্দৰ্ভত পৰিকল্পিতভাৱে আগবাঢ়িছিলো। তদুপৰি কাজিৰঙাত আটাইতকৈ বেছি গঁড় হত্যা কৰা মণিপুৰ চোৰাংচিকাৰী গেঙৰ আটাইকেইজন সদস্যক আমি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছো। এয়া এক যৌথ প্ৰচেষ্টা হিচাপে লৈ আমি আগবাঢ়িছো । বিগত ৭ বছৰত কাজিৰঙাত মুঠ ১১২টা গঁড় নিধন হৈছিল চোৰাংচিকাৰীৰ হাতত।

২০০১৮-৬টা,
২০১৭-৬টা

২০১৬-১৮টা
২০১৫-১৭টা
২০১৪-২৭টা
২০১৩-২৭টা
২০১২-১১টা
চৰকাৰৰ কঠোৰ স্থিতিৰ বাবেই চোৰাংচিকাৰী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা চোৰাংচিকাৰী আঁতৰি গৈছে বুলি মন্তব্য কৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালকগৰাকীয়ে।

You might also like