নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ টেঙাখাতত বুঢ়ীদিহিঙৰ বুকুত প্ৰচণ্ড অগ্নিকাণ্ডৰ পাচতেই এতিয়া আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ । দেওবাৰে বুঢ়ীদিহিঙৰ ওপৰত প্ৰকাণ্ড জুই জ্বলি উঠাৰ লগতে সমগ্ৰ অঞ্চলটো আৱৰি ধৰিছিল ক’লা ধোঁৱাই । কিদৰে বুঢ়ীদিহিং নৈৰ পানীৰ ওপৰত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ’ল সেয়া ইতিমধ্যেই পোহৰলৈ আহিছে ।
বিগত এসপ্তাহ ধৰি অইলৰ পাইপ ফাটি খাৰুৱা তেল নিগৰি পৰিছিল বুঢ়ীদিহিঙত । অইলৰ এই ভুলৰ সুযোগ গ্ৰহণ কৰি কোনো দুষ্কৃতিকাৰীয়ে নৈৰ ওপৰত বিয়পি খাৰুৱা তেলত অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে । অইলৰ এই ভুলে এই ভয়ানক ৰূপ লোৱাৰ লগতে এতিয়া বুঢ়ীদিহিঙৰ জীৱকুলৰ প্ৰতি কঢ়িয়াই আনিছে অশনি সংকেত ।
উল্লেখ্য যে, বুঢ়ীদিহিং নৈৰ পাৰৰ বহুকেইখন গাঁৱৰ ৰাইজে নৈৰ পানীৰেই চলাই আহিছে জীৱন । এই পানী খোৱাৰ লগতে সকলো কামতে ব্যৱহাৰ কৰি অহা এইসকল লোকে এতিয়া ব্যৱহাৰ কৰিব নোৱাৰা হৈছে নৈৰ পানী । অইলৰ গাফিলতিৰ বাবে সংঘটিত হোৱা এই ভয়ানক অগ্নিকাণ্ডৰ ঘটনাক এতিয়া সকলোৱে ধিক্কাৰ দিয়াৰ লগতে উচিত তদন্তৰ দাবী কৰিছে ।