নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অধ্যাপক অৰূপজ্যোতি শইকীয়াক ৫ ঘণ্টাজোৰা জেৰা NIA ৰ

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ আইআইটি গুৱাহাটীৰ অধ্যাপক অৰূপজ্যোতি শইকীয়াক সোমবাৰে পুনৰ মাৰাথান জেৰা চলালে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াই । সোমবাৰৰ দিনৰ ১১ বজাৰ পৰা ৪ বজালৈ অধ্যাপক গৰাকীক জেৰা চলালে নিয়াই । বিগত শনিবাৰে চাৰিঘণ্টাজোৰা জেৰাৰ পাচত আজি সোণাপুৰস্থিত নিয়াৰ কাৰ্যালয়ত জেৰা অধ্যাপকগৰাকীক ।

উল্লেখ্য যে, কাবিৰোধী আন্দোলনৰ সময়ত হিংসাত্মক পৰিৱেশ ৰচনা কৰাৰ অভিযোগত অধ্যাপকজনক মাৰাথান জেৰা অব্যাহত ৰাখিছে নিয়াই । মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১৭ ডিচেম্বৰ তাৰিখে সম্বোধন কৰা সংবাদমেলত কা আন্দোলনৰ হিংসাত্মক প্ৰতিবাদ সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰৰ এক সংস্থাৰ অধীনস্থ এজন ব্যক্তি জড়িত বুলি উল্লেখ কৰিছিল । কোনো ব্যক্তিৰ নাম উল্লেখ নকৰাকৈ শিক্ষাৰ ক্ষেত্ৰত জড়িত ব্যক্তিজনে বিশেষকৈ দিছপুৰৰ প্ৰতিবাদৰ আঁৰত হিংসা বিয়পোৱাৰ প্ৰমাণ পোৱা বুলি সংবাদমেলত স্পষ্ট কৰিছিল ।

You might also like