নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰঝাৰ বিমানবন্দৰত কার্গো সেৱা মুকলি

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ ‘কংগ্রেছ দলে অসমত ৫৫ বছৰে কৰিব নোৱাৰা কাম বিজেপি চৰকাৰে মাত্র চাৰে চাৰি বছৰত কৰি দেখুৱালে৷ কংগ্রেছ দলৰ ব্যক্তিগত স্বার্থৰ ৰাজনীতিৰ বিপৰীতে বিজেপিয়ে অসমত মূল্যবোধ আৰু আদর্শৰ ৰাজনীতি প্রতিষ্ঠা কৰিছে৷’– এই মন্তব্য মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷ আজি বিয়লি গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত নির্মাণ কৰা কার্গো সেৱা কেন্দ্রটো মুকলি কৰি সাংবাদিকৰ সৈতে হোৱা চমু বার্তালাপত এই মন্তব্য কৰে মুখ্যমন্ত্রী সোণোৱালে৷ মুখ্যমন্ত্রী সোণোৱালে কয় যে কংগ্রেছ দলৰ অসমৰ প্রতি সঁচাকৈ সদিচ্ছা থকা হ’লে ৫৫ বছৰীয়া শাসনকালত ৰাজ্যখনৰ উন্নয়নৰ বাবে বহুখিনি কাম কৰিব পাৰিলেহেঁতেন৷

কিন্তু তেওঁলোকে নকৰিলে৷ ২০১৪ চনত প্রধানমন্ত্রী হিচাপে নৰেন্দ্র মোদীয়ে দায়িত্বভাৰ লোৱাৰ পিছতহে সঁচা অর্থত অসমসহ উত্তৰ–পূবৰ আঠোখন ৰাজ্যৰ প্রকৃত উন্নয়ন আৰম্ভ হয়৷ নৰেন্দ্র মোদীৰ সদিচ্ছাৰ বাবে আজি অসমৰ পৰা বিমানেৰে ৰাজ্যখনৰ খেতিয়কৰ দ্বাৰা উৎপাদিত সামগ্রী বিদেশলৈ ৰপ্তানি কৰিব পৰা হৈছে৷ ক’ভিডৰ ভয়াৱহতাৰ সময়তো ৰাজ্যখনৰ কৃষকে উৎপাদন কৰা ১৪ হাজাৰ মেট্রিক টন সামগ্রী বিমানেৰে বিদেশলৈ ৰপ্তানি কৰা হৈছে৷ যাৰ বাবে ৰাজ্যৰ শিক্ষিত যুৱক–যুৱতীসকলেও কৃষিক জীৱিকাৰ মাধ্যম হিচাপে ল’ব পৰাৰ এক পৰিৱেশ গঢ় লৈ উঠিছে৷ অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, প্রধান সচিব ড০ কে কে দ্বিবেদী, এ আই ডি চিৰ পৰিচালন সঞ্চালক আৰু পৰিবহণ আয়ুক্ত আদিল খান, উপাধ্যক্ষ জিতু দাস, জিলা পৰিবহণ বিষয়া গৌতম দাসকে ধৰি কেইবাগৰাকী উচ্চপদস্থ বিষয়া, ভাৰতীয় বিমানবন্দৰৰ উত্তৰ–পূবৰ ক্ষেত্রীয় কার্যবাহী সঞ্চালক এম সুৰেশ, বৰঝাৰ বিমানবন্দৰৰ সঞ্চালক ৰমেশ কুমাৰকে ধৰি কেইবাগৰাকী বিষয়া, বিমান সংস্থাৰ প্রতিনিধি উপস্থিত থাকে৷

You might also like