নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম’বাইলেৰে চুটি ছবি নির্মাণ কৰি পুৰস্কৃত বজালীৰ ভট্টদেৱ বিশ্ববিঃৰ ছাত্র

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ বজালীৰ সন্তান ৰাজেন দাসে বিলুপ্তপ্রায় পুতলা নাচক লৈ ‘লাইফ ইন পাপেট’ ছবি নির্মাণ কৰি বজালী তথা অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ পিছতে বজালী জিলা সদৰ পাঠশালাস্থিত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্রই এখন চুটি ছবি নির্মাণ কৰি তিনিটাকৈ আন্তঃৰাষ্ট্রীয় পুৰস্কাৰ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পর্যটন বিভাগৰ স্নাতক পঞ্চম ষাণ্মাসিকত অধ্যয়নৰত বিশাল স্বর্গীয়াৰী নামৰ ছাত্রজনে কেৱল ম’বাইল ফোনেৰে দৃশ্যগ্রহণ কৰি নির্মাণ কৰি উলিয়াইছেWorking Man নামৰ ছবিখন৷ কৃষকৰ শ্রমৰ ওপৰত নির্মাণ কৰা ছবিখনে ইউৰোপ ফিল্ম ফেষ্টিভেলত ‘ইউ কে ছর্ট বেষ্ট ম’বাইল ফিল্ম এৱার্ড’ লাভ কৰাৰ লগতে আন্দামানত অনুষ্ঠিত ‘প’টব্লেয়াৰ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল’ত শ্রেষ্ঠ পৰিচালকৰ বঁটাও লাভ কৰিছে৷

You might also like