অষ্টম ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ আৰম্ভ
নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ বৃহস্পতিবাৰৰ পৰা ওদালগুৰি জিলাৰ অসম-অৰুণাচলপ্ৰদেশ আৰু ভূটানৰ ত্ৰিবেণী সংগমত অৱস্থিত ৰাজ্যৰ জনপ্ৰিয় পৰ্যটনস্থলী ভৈৰৱকুণ্ডত পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অষ্টম ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ। ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগ আৰু বিটিচিৰ পৰ্যটন বিভাগৰ উদ্যোগত আয়োজিত অষ্টম ভৈৰৱকুণ্ড পৰ্যটন মহোত্সৱৰ আজি দ্বিতীয়টো দিন।বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ লগতে ভৈৰৱকুণ্ডৰ বাকৰিত জিলিকি উঠিছে ৰাজ্যৰ ক্ৰীড়াবিদসকলৰ আকৰ্ষণীয় ক্ৰীড়া শৈলী। আনহাতে কলকাতাৰ চাৰ্কাচ দলৰ ১২ ফুট উচ্চতাৰ মানুহ আৰু কমেডিয়ান চাৰলি চেপলিনৰ ডুপ্লিকেটে আকৰ্ষণ কৰিছে পৰ্যটকসকলক।উল্লেখ্য যে প্ৰথম দিনাৰ কাৰ্যসূচীত ৰাতিপুৱা পতাকা উত্তোলন কৰে উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই। আনহাতে মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক চৰণ বড়োৱে দ্বীপ প্ৰজ্বলন কৰি পৰ্যটন মহোৎসৱৰ মূল মঞ্চ উদ্ধোধন কৰে।