নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোটৰ পূর্বেই কংগ্রেছ–ইউডিএফৰ মিত্রতা ভংগ

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ ৰাজ্যসভা নির্বাচনলৈ মাজত মাত্র এটা দিন বাকী থকা অৱস্থাতে কংগ্রেছ আৰু এআইইউডিএফৰ মিত্রতা ভংগ হয়৷ মূলতঃ নির্বাচনী এজেণ্ট নিয়োগক কেন্দ্র কৰিয়েই বিৰোধী দল কংগ্রেছ আৰু এআইইউডিএফৰ মাজত হোৱা মতভেদৰ বাবেই দুই দলৰ মিত্রতা ভংগ হয়৷ মঙলবাৰে নিশা ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদ মেলত প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই এআইইউডিএফ দলে ভণ্ডামিৰ আশ্রয় লোৱাৰ গুৰুতৰ অভিযোগ কৰি কয় যে এতিয়া এআইইউডিএফ দল আগৰ ইণ্ডাষ্ট্রিজ আন ডেমক্রেটিক ধোকাবাজ ফ্রণ্টলৈ পৰিণত হৈছে৷ ধোকাবাজ, বিশ্বাসঘাতকৰ লগত কেনেকৈ সম্পর্ক ৰাখিম বুলিও বৰাই প্রশ্ন উত্থাপন কৰে৷

সংবাদ মেলখনত তেওঁ বিৰোধীৰ ৪৩টা ভোটৰ বিপৰীতে কংগ্রেছৰ ২৬, চিপিআই (এম)ৰ এক আৰু ৰাইজৰ দলৰ এক মুঠ ২৮টা ভোট বিৰোধীৰ প্রার্থী ৰিপুণ বৰাই লাভ কৰাৰ গেৰাণ্টী লয়৷ এআইইউডিএফৰ ১৫টা ভোটৰ গেৰাণ্টী আজমলে ল’ব লাগিব বুলি উল্লেখ কৰি সভাপতি বৰাই কয় যে প্রার্থী ৰিপুণ বৰাই নিয়োজিত কৰা কংগ্রেছৰ নির্বাচনী এজেণ্টক এআইইউডিএফৰ ভোটসমূহ দেখুৱাব লাগিব৷ কাৰণ এআইইউডিএফৰ ৫টা ভোট সন্দেহজনক৷ এই সম্পর্কত তেওঁলোকৰ বিধায়কে কংগ্রেছ বিধায়কৰ সৈতে কথা পতাৰ ৰেকর্ডিং হাতত আছে৷ সময়ত এইবোৰ ৰাজহুৱা কৰিব৷ এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিং, সম্পাদক পৃথ্বিৰাজ সাথে, বিৰোধী দলপতি দেৱব্রত শইকীয়া, প্রদেশ কংগ্রেছৰ কার্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থ, জাকিৰ হুছেইন শিকদাৰ, কংগ্রেছ বিধায়িনী দলৰ উপ–দলপতি ৰকিবুল হুছেইন, ৰাজ্যসভা নির্বাচনৰ প্রার্থী ৰিপুণ বৰাৰ উপস্থিতিত আয়োজিত সংবাদ মেলখনত সভাপতি বৰাই কয় যে ৰাজ্যসভা নির্বাচনত বিৰোধীৰ প্রতিটো দলৰে নির্বাচনী এজেণ্টগৰাকীক প্রার্থী ৰিপুণ বৰাৰ সৈতে আলোচনা কৰি নিয়োগ কৰাৰ সম্পর্কত কালি নিশা প্রার্থীগৰাকীয়ে এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমললৈ এখন পত্র প্রেৰণ কৰে৷ কংগ্রেছকে ধৰি চিপিআই (এম), ৰাইজৰ দলে সেই প্রস্তাৱ মানি লৈছে৷ চিপিআই (এম)ৰ তৰফৰ পৰা ৰিপুণ বৰাই যাকেই এজেণ্ট হিচাপে বিচাৰে, তাকেই নিয়োগ কৰিবলৈ তেওঁ প্রস্তুত আছে বুলি জনাইছে৷

ৰাইজৰ দলৰ অখিল গগৈয়ে নির্বাচনী এজেণ্ট নিয়োগৰ ক্ষেত্রত কাৰিকৰী অসুবিধা আছে৷ ইয়াৰ বিপৰীতে কালি পুৱা ৮ বজাৰ পূর্বেই এআইইউডিএফে এখন পত্রযোগে ৰিপুণ বৰাক অৱগত কৰে যে তেওঁলোকে ইতিমধ্যে নির্বাচনী এজেণ্ট হিচাপে ধুবুৰীৰ বিধায়ক নজৰুল হকক আৰু সহকাৰী এজেণ্ট হিচাপে মজিবুৰ ৰহমানক নিয়োগ কৰিছে৷ দলত যথেষ্ট পুৰণা, জ্যেষ্ঠ, ভাল মানুহ থকাৰ পিছতো নতুন বিধায়ক এজনক নির্বাচনী এজেণ্ট নিয়োগ কৰা কার্যক সমালোচনা কৰি সভাপতি বৰাই কয় যে নির্বাচনী এজেণ্টজনে কেইদিনমান পূর্বে কংগ্রেছৰ এজন সাধাৰণ সম্পাদকৰ জৰিয়তে তেওঁলৈ নিজেই ৰিপুণ বৰাক ভোটদান নকৰে বুলি জনাইছিল৷ এই প্রসংগতে বৰাই এআইইউডিএফৰ এক ভণ্ডামিৰ বিষয়ে উনুকিয়াই কয় যে  বিয়লি তিনিমান বজাত প্রার্থী ৰিপুণ বৰা দিছপুৰৰ কংগ্রেছ বিধায়িনী দলৰ কার্যালয়ত উপস্থিত হোৱাৰ সময়ত নির্বাচনী এজেণ্ট নিয়োগৰ প্র–পত্রখন কেনেদৰে পূৰণ কৰিব লাগে, সেই সম্পর্কত ৰিপুণ বৰাৰ পৰা জানিব বিচাৰে৷ সকলো জানিও ৰিপুণ বৰাই ভদ্রতাৰ খাটিৰত প্র–পত্রখন পূৰাবলৈ শিকায়৷ সেই সময়তে এআইইউডিএফে ৰিপুণ বৰাৰ ফটো এখন তুলি এআইচিচিৰ এজন শীর্ষ নেতাক প্রার্থী ৰিপুণ বৰাৰ কথামতে তেওঁলোকে নির্বাচনী এজেণ্ট নিয়োগ কৰিছে বুলি জনায়৷

ইপিনে এআইইউডিএফৰ বিধায়ক আমিনুল ইছলাম (জ্যেষ্ঠ)–এ কংগ্রেছকহে শক্তিশালী এজেণ্ট নিয়োগ কৰাৰ পৰামর্শ আগবঢ়াই কয় যে তেতিয়াহে ৰিপুণ বৰাই জয়লাভ কৰিব৷ কিয়নো কংগ্রেছৰ একাংশ বিধায়ক মুখ্যমন্ত্রীৰ লগত ভাল, ভোটটো খুজিলে বিজেপিকেই দিব, ৰিপুণ বৰাৰ মিঠাই খোৱা নাই জাতীয় মন্তব্য কৰি আহিছে৷ এআইইউডিএফৰ কোনো বিধায়কে তেনে দুর্বল মন্তব্য দিয়া নাই৷ বিধায়ক ইছলামৰ মতে, কংগ্রেছে লেতেৰা ৰাজনীতি খেলিব খুজিছে৷ তেওঁলোকে ক্রছ ভোটিং কৰি এআইইউডিএফক দোষ জাপি দিব বিচাৰিছে৷ এআইইউডিএফৰ বিধায়ক নিজামুদ্দিন চৌধুৰীয়ে তেওঁলোক এতিয়া মহাজোঁটত নথকাৰ উল্লেখ কৰি কয় যে আমি এটা বেলেগ দল৷ আমি আমাৰ এজেণ্ট দিম৷ কংগ্রেছৰ মতে আমি এজেণ্ট নিদিওঁ৷ ৰাজ্যসভা নির্বাচনত কংগ্রেছ প্রার্থীক সমর্থনহে কৰিছোঁ৷ তেওঁলোকৰ ওচৰত বিক্রী যোৱা নাই৷ সেইদৰে এআইইউডিএফৰ নির্বাচনী এজেণ্ট নজৰুল হকেও তেওঁলোক স্বতন্ত্র ৰাজনৈতিক দল বুলি উল্লেখ কৰি কয় যে কংগ্রেছৰ আমাৰ ওপৰত যদি আস্থা নাই, আমাৰ ভোট ল’ব নালাগে৷ আমাৰ বিধায়িনী দলে সিদ্ধান্ত লৈছে– আমাৰ এজেণ্ট আমি দিম৷ কংগ্রেছৰ এজেণ্ট এআইচিচিয়ে স্থিৰ কৰিব৷ ৰকিবুল হুছেইনৰ কথাত তেওঁলোকৰ দল নচলে৷ মুঠতে ৰাজ্যসভাৰ নির্বাচনৰ ভোটগ্রহণলৈ মাজত এটা দিন থকা অৱস্থাত কংগ্রেছ আৰু এআইইউডিএফৰ মাজত আৰম্ভ হোৱা এই মুকলি সংঘাত তথা মিত্রতা ভংগই বিজেপিয়ে পূর্বৰে পৰা দাবী কৰি অহাৰ দৰে ৰাজ্যসভাৰ দুয়োখন আসনতে বিজেপি মিত্রজোঁট বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰাৰেই স্পষ্ট ইংগিত বহন কৰিছে৷

You might also like