নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাঘ বিহুৰ উৰুকাৰ দিনাই সৰভোগৰ শ্ৰীশ্ৰীমইনবড়ি সত্ৰত সেৱা ল’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ কৃষিপ্ৰধান অসমীয়া সমাজৰ কৰ্ম প্ৰেৰণাৰ উৎস মাঘ বিহুৰ উৰুকাৰ পৱিত্ৰ দিনটোত বৰপেটা জিলাৰ সৰভোগৰ ঐতিহাসিক শ্ৰীশ্ৰীমইনবড়ি সত্ৰত ৰাতিপুৱা উপস্থিত হৈ ৰাজ্য তথা দেশবাসীৰ সুখ, সমৃদ্ধি আৰু কুশল-মংগলৰ বাবে গুৰু আসনত সেৱা আগবঢ়াই অদৃষ্টজনৰ ওচৰত প্ৰাৰ্থনা জনায় আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। সত্ৰ খনত সেৱা গ্ৰহন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে শ্ৰীশ্ৰীমইনবড়ি সত্ৰৰ এক সুন্দৰ ইতিহাস আছে। শ্ৰদ্ধাৰ নাৰায়ণ দাস ঠাকুৰ আতাই প্ৰতিষ্ঠা কৰা সময়ৰে পৰা এই ঐতিহাসিক সত্ৰখনৰ যি প্ৰত্যাহ্বানৰ যাত্ৰা সেই সম্পৰ্কে ৰাজ্যত বিশদভাৱে আলোচনা হৈছে। এই সত্ৰৰ উন্নয়নৰ বাবে জনোৱা আবেদনৰ ভিত্তিত সত্ৰখনৰ আন্তঃগাঁথনি সবলীকৰণৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়োজনীয় পুঁজিৰ আবণ্টন দিয়াৰ লগতে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব । তদুপৰি পূৰ্বে যি স্থানত এই সত্ৰখন প্ৰতিষ্ঠা কৰা হৈছিল সেই ঠাইতো সত্ৰখন পুনৰ গঢ়ি তুলিবলৈ অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীক সত্ৰৰ পৰিচালনা সমিতিৰ পৰা বৰ অসমৰ কৰ্মৰ প্ৰেৰণাৰ উৎস “কৰ্মসূৰ্য্য’’ উপাধি প্ৰদান কৰা হয়।
মুখ্যমন্ত্ৰীয়ে সত্ৰখনৰ চৌহদত এটি গছপুলি ৰোপণ কৰাৰ লগতে উপস্থিত ভক্তিপ্ৰাণ লোকৰ সৈতে মত-বিনিময় কৰে তথা সকলোকে বাপতিসাহোন মাঘ বিহুৰ শুভেচ্ছা জনায়।
সত্ৰখন পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ, সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, বিটিএডিৰ কাৰ্য্যবাহী সদস্য গৌতম দাস, সত্ৰাধিকাৰ গণেশ চন্দ্ৰ অধিকাৰী, ডেকা সত্ৰাধিকাৰ ধৰ্মেশ্বৰ অধিকাৰী আৰু সত্ৰাধিকাৰ পুত্ৰ দশৰথ অধিকাৰী আৰু অপূৰ্ব অধিকাৰী উপস্থিত থাকে।

প্ৰেৰকঃ নীতিশ ৰঞ্জন পাটগিৰী

You might also like