নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজনিশা সোণাপুৰ অসামৰিক চিকিৎসালয়ত স্বাস্থ্যমন্ত্ৰীঃ স্বাস্থ্যৰ বুজ ল’লে ক’ৰোনা আক্ৰান্তৰ

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ বুধবাৰে মাজনিশা স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়গৈ সোণাপুৰ অসামৰিক চিকিৎসালয়ত । স্বাস্থ্যবিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাসহ মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনত থকা ৩ গৰাকী ক’ভিড-১৯ আক্ৰান্তৰ খবৰ লোৱাৰ লগতে চিকিৎসকৰ সৈতে মিলিত হয় ।

সোণাপুৰ অসামৰিক চিকিৎসালয়ক সম্পূৰ্ণৰূপে ক’ৰোনা আক্ৰান্ত ৰোগীৰ বাবে গঢ়ি তোলাৰ কথাও উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । ১৫০ খন বিচনাযুক্ত আইছ’লেচন ৱাৰ্ড ইতিমধ্য়ে সাজু কৰি তোলা হৈছে চিকিৎসালয়খনত ।

উল্লেখ্য যে, বুধবাৰে মাজনিশা অসমত পুনৰ ৩ গৰাকী লোকৰ শৰীৰত ক’ভিড – ১৯ পজিটিভৰ খবৰ পোহৰলৈ আহে । বৰ্তমানলৈকে অসমত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হৈছে ১৬ । আক্ৰান্ত প্ৰতিজন লোকেই দিল্লীৰ নিজামুদ্দিন দৰগাহৰ ধৰ্মীয় সমাৱেশৰ পৰা অসমলৈ উভতি আহিছিল । ইতিমধ্যে ইয়াৰে প্ৰায় ১৯৩ জন লোকৰ খবৰ বৰ্তমানলৈকে লাভ কৰা নাই স্বাস্থ্যবিভাগে ।

স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১৯৩ গৰাকী লোককেই ১০৪ নম্বৰত ফোন কৰি স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে স্বাস্থ্যবিভাগক অৱগত কৰিবলৈ আহ্বান জনাইছে ।

You might also like