নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্য পাৰমাণৱিক কেন্দ্ৰ, বাজেটত ২০,০০০ কোটি টকা আবণ্টন

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেশখনক পাৰমাণৱিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ এক বৃহৎ ঘোষণা কৰিছে। বিত্তমন্ত্ৰীয়ে পাৰমাণৱিক খণ্ডৰ বাবে ২০ হাজাৰ কোটি টকাৰ বাজেট আবণ্টন দিছে। বিত্তমন্ত্ৰীয়ে ঘোষণা কৰে যে পাৰমাণৱিক শক্তি অভিযানৰ অধীনত ২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰতৰ বাবে ১০০ গিগাৱাট পাৰমাণৱিক শক্তিৰ বিকাশ কৰা হ’ব। ইয়াৰ বাবে পাৰমাণৱিক শক্তি আইন সংশোধন কৰা হ’ব। ইয়াৰ উপৰি তেওঁ ঘোষণা কৰে যে চৰকাৰে জাহাজ নিৰ্মাণৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে জাহাজ নিৰ্মাণৰ আৰ্থিক সাহায্য আঁচনি পুনৰ আৰম্ভ কৰা হ’ব। জাহাজ নিৰ্মাণ গোটসমূহক সুবিধা প্ৰদান কৰা হ’ব। বিত্তমন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে চৰকাৰে সকলোৰে উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। নিৰ্মলা সীতাৰমণে কয় যে সকলো ডাঙৰ অৰ্থনীতিৰ ভিতৰত আমাৰ অৰ্থনীতি আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে। যোৱা ১০ বছৰত আমাৰ বৃদ্ধিৰ ট্ৰেক ৰেকৰ্ড আৰু গাঁথনিগত সংস্কাৰে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁ কয় যে ভাৰতৰ সামৰ্থ্যৰ ওপৰত বিশ্বৰ আস্থা বাঢ়িছে। বাজেট ভাষণত নিৰ্মলা সীতাৰমণে কয় যে আমাৰ গুৰুত্ব ‘জ্ঞান’ৰ ওপৰত। যাৰ অৰ্থ- দৰিদ্ৰ, যুৱক-যুৱতী, খাদ্য প্ৰদানকাৰী আৰু মহিলা শক্তি। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ১০ বছৰত আমি প্ৰতিটো খণ্ডতে বিকশিত হৈছো।

You might also like