নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দাম কমিল ম’বাইল-চিকিৎসা সঁজুলিৰ, আৰু কিহত কমিব দাম, জানক…

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ ফেব্ৰুৱাৰীঃ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে। একেৰাহে ৮মবাৰৰ বাবে বাজেট দাখিল কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে আমি বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি। ইয়াক আকাংক্ষাৰ বাজেট আখ্যা দি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে সকলো শ্ৰেণীৰ উন্নয়নত গুৰুত্ব আৰোপ কৰিছে। বাজেটত কোনবোৰ বস্তু সস্তা হৈ পৰিল আৰু কোনবোৰ দামী বস্তুৰ তালিকাত অন্তৰ্ভুক্ত হ’ল চাওঁ আহক। সস্তা হোৱা বস্তুৰ তালিকাত মোবাইল ফোন, কৰ্কট ৰোগৰ ঔষধ, চিকিৎসা সঁজুলি, এল চি ডি, এল ই ডি, ৬টা জীৱন ৰক্ষাকাৰী ঔষধ, ৮২টা বস্তুৰ ওপৰত চেছ আঁতৰোৱাৰ ঘোষণা, ভাৰতত নিৰ্মিত কাপোৰ। আনহাতে বৈদ্যুতিক বাহনৰ ওপৰত চৰকাৰে কৰ ৰেহাই দিছে। ইয়াৰ ফলত বেটাৰীচালিত গাড়ী সস্তা হ’ব। চামৰা আৰু ইয়াৰ সামগ্ৰীৰ ওপৰত কৰ হ্ৰাস কৰা হৈছে, যাৰ ফলত বস্তুবোৰ সস্তা হ’ব। আনহাতে বাজেটত ইন্টাৰেক্টিভ ফ্লেট পেনেল ডিছপ্লেৰ ওপৰত মৌলিক শুল্ক ১০ শতাংশৰ পৰা ২০ শতাংশলৈ বৃদ্ধি কৰা হৈছে।

You might also like