মানৱ সভ্যতাত যুগান্তকাৰী ঘটনাঃশুক্রাণু নোহোৱাকৈ বিশ্বৰ প্রথম কৃত্রিম ভ্রূণ সৃষ্টি
বিশেষ বাৰ্তা, ৫ আগষ্টঃ অদৃষ্টৰ সৃষ্টি মানৱ ৷ এই ধাৰণাই মানৱ সভ্যতা সৃষ্টিৰে পৰা চলি আহিছে৷ মানৱৰ সৃষ্টিৰ ৰহস্যঘন ধাৰণাক লৈ বিজ্ঞানীসকল একমত যদিও মানৱ দেহৰ সৃষ্টিক লৈ গৱেষণা চলাই আছে৷ মানৱ সভ্যতাত যুগান্তকাৰী ঘটনা হিচাপে ইজৰাইলৰ বিজ্ঞানীয়ে চমকপ্রদ সাফল্য লাভ কৰিছে৷ শুক্রাণু নোহোৱাকৈ বিশ্বৰ প্রথম কৃত্রিম ভ্রূণ সৃষ্টি কৰি অদৃশ্যৰ দ্বাৰা মানৱসৃষ্ট ধাৰণাক প্রত্যাহ্বান জনোৱাৰ দিশে আগবাঢ়িছে৷ ইজৰাইলৰ চিকিৎসা বিজ্ঞানীয়ে এখন পেট্রি ডিছত ষ্টেম চেল সৃষ্টি কৰি গর্ভকোষ বাহিৰত প্রথম ছিন্থেটিক ভ্রূণ তথা কৃত্রিম ভ্রূণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ এই কৃত্রিম ভ্রূণ সৃষ্টি কৰিবলৈ বিজ্ঞানীসকলে শুক্রাণু ব্যৱহাৰ কৰা নাছিল৷ আনকি ফার্টিলাইজড এগছৰ ব্যৱহাৰ কৰা নাছিল৷ চিকিৎসা বিজ্ঞানীসকলৰ এই প্রতিবেদন জার্নেল চেল নামৰ পত্রিকাখনত প্রচাৰ হোৱাৰ পাছতেই বিশ্বজুৰি বিজ্ঞানীসকলৰ মাজত আলোড়নৰ সৃষ্টি হৈছে৷ বিজ্ঞানীৰ দলটোৱে কেইবাবছৰ ধৰি পেট্রি ডিছত নিগনিৰ ষ্টেম চেল সংগ্রহেৰে ভ্রূণ সৃষ্টিৰ প্রক্রিয়া আৰম্ভ কৰে আৰু অৱশেষত বিজ্ঞানীসকলে সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে৷ গৱেষকৰ দলটোক নেতৃত্ব দিয়া ৱেজমেনছ মলেকুলাৰ জেনেটিক্স ডিপার্টমেণ্টৰ অধ্যাপক জেকব হানাই প্রকাশ কৰা মতে এতিয়ালৈকে অনেক গৱেষণাত বিশেষ চেল হয় উৎপাদন কৰা হৈছে নতুবা ক’ৰবাৰ পৰা অনা হৈছে৷ সংৰোপণৰ বাবে অধিক সক্ষম টিছু ব্যৱহাৰ কৰা হৈছে৷ কিন্তু শেহতীয়াভাৱে চলা গৱেষণাত পূর্বৰ সকলো গৱেষণাক একাষৰীয়া কৰি নতুন প্রক্রিয়াৰে এই কৃত্রিম ভ্রূণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ গৱেষকে প্রকাশ কৰা মতে নিগনিৰ পৰা সংগ্রহ কৰা ষ্টেম চেল তিনিটা পৃথক গোটত ভগাই লৈ এটা পাত্রৰ ভিতৰত ভৰাই এমব্রায়’নিক অর্গেন বিকশিত কৰাৰ বাবে ৰখা হয়৷ বাকী দুটাক ৪৮ ঘণ্টাৰ কাৰণে প্রক্রিয়াৰ মাজত সোমাই এই আটাইবোৰক পিছলৈ বৈদ্যুতিকভাৱে নিয়ন্ত্রিত যন্ত্রত ভৰাই দিয়া হয়৷ ইয়াৰে ০.৫ শতাংশ অথবা ১০ হাজাৰৰ ভিতৰত ৫০–এ এটা তৰপ সৃষ্টি কৰে আৰু ইয়ে পিছলৈ গৈ ভ্রূণৰ লেখীয়া গাঁথনি ধৰে৷ এই প্রক্রিয়াটো কিছুদিন ধৰি চলি থকাৰ পাছত প্রাকৃতিক ভ্রূণৰ লেখীয়া গাঁথনি হৈ পৰে৷ প্রায় ৮.৫ দিন ধৰি এই ভ্রূণ বিকশিত হৈ অৱশেষত এটা কৃত্রিম ভ্রূণৰ সৃষ্টি হয়৷ মন কৰিবলগীয়া যে এই কৃত্রিম ভ্রূণ নিগনিয়ে প্রাকৃতিক ভ্রূণৰ সৈতে প্রায় ৯৫ শতাংশ মিল আছে৷ ছিন্থেটিক ভ্রূণৰ সৃষ্টি কৰাৰ পাছত পৰৱর্তী পদক্ষেপ হিচাপে এই কৃত্রিম ভ্রূণৰ দ্বাৰা কেনেকৈ আন এটা পর্যায়লৈ যাব পাৰে তাক লৈ গৱেষণা আৰম্ভ কৰিছে৷ অধ্যাপক হানাই প্রকাশ কৰা মতে বর্তমান পদ্ধতিত গর্ভাশয় সংৰোপণ প্রক্রিয়া চলি আছে৷ পৰৱর্তী সময়ত কৃত্রিম ভ্রূণৰ সৃষ্টিৰ জৰিয়তে মানৱ ভ্রূণৰ বিসংগতিক আঁতৰাই জন্ম দিয়াৰ সম্ভাৱনা প্রবল৷