নিয়মীয়া বার্তা, ৭ মার্চঃ সামাজিক মাধ্যমত জেহাদৰ প’ষ্টাৰ পষ্ট কৰা সন্দর্ভত মানকাচৰ আৰক্ষীয়ে বৃহস্পতিবাৰে তিনিজন যুৱকক আটক কৰিছিল ৷ জেৰাৰ অন্তত এজনক গ্রেপ্তাৰ কৰি আন দুজনক মুকলি কৰি দিয়ে ৷ আনহাতে অসমত জেহাদ বিয়পোৱাৰ চেষ্টা কৰা মূল অভিযুক্তক গ্রেপ্তাৰ কৰিবলৈ তৎপৰ হৈ পৰিছে আৰক্ষী ৷ উল্লেখ্য যে বৃহস্পতিবাৰে মুছলমানৰ ‘স্বাধীনতা’ বিচাৰি সামাজিক মাধ্যমত পোষ্ট দিয়া সন্দর্ভত মানকাচৰ আৰক্ষীয়ে মিজানুৰ ৰহমান, আৰিফুল ইছলাম আৰু ৰাকিবুল ইছলাম নামৰ তিনিজন যুৱকক আটক কৰিছিল ৷ আৰক্ষীয়ে মাৰাথন জেৰা চলোৱাৰ পিছত আৰিফুল ইছলাম আৰু ৰাকিবুল ইছলামক মোকলাই দিয়ে ৷ জেহাদৰ পষ্টাৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ অভিযোগত মানকাচৰ আৰক্ষীয়ে মিজানুৰক গ্রেপ্তাৰ কৰি শুকুৰবাৰে হাটশিঙিমাৰী মহকুমা ন্যায়িক আদালতত হাজিৰ কৰায় ৷ আদালতে ধৃত মিজানুৰক তিনি দিনৰ আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰে ৷ মানকাচৰ থানাৰ ভাৰপ্রাপ্ত বিষয়া বিনোদ কুমাৰ দাসে জানিবলৈ দিয়া মতে মিজানুৰ ৰহমান সামাজিক মাধ্যমত জেহাদীৰ প’ষ্টাৰ শ্বেয়াৰ কৰি মানকাচৰ অঞ্চলত এটা গ্রুপ সজাবলৈ চেষ্টা কৰিছিল ৷ কিন্তু এই সমগ্র কাণ্ডৰ লগত জড়িত হৈ আছে মাষ্টাৰমাইণ্ড৷ এই মূল অভিযুক্তক কৰায়ত্ত কৰিবলৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে অসমৰ বিশেষকৈ গুৱাহাটী মহানগৰীত এটা চক্রই এই প’ষ্টাৰ প’ষ্ট কৰিছিল, তাৰ পিছত এই যুৱকজনে শ্বেয়াৰ কৰিছিল ৷ এই প’ষ্টাৰ সামাজিক মাধ্যমত প্রথমে প’ষ্ট কৰাজনক গ্রেপ্তাৰৰ বাবে আৰক্ষী তৎপৰ হৈ পৰিছে ৷