নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেগৰ দোকানত ক্রাইম ব্রাঞ্চৰ অভিযানঃ ৫৫.৫০ লাখ টকাৰ অচল নোটসহ ধৃত ২

নিয়মীয়া বাৰ্তা, ৭ মার্চঃ বিমুদ্রাকৰণৰ চাৰি বছৰ পিছত শুকুৰবাৰে গুৱাহাটীত ক্রাইম ব্রাঞ্চে এখন দোকানত অতর্কিতে অভিযান চালই জব্দ কৰে পঞ্চাশ লক্ষাধিক পুৰণি টকা ৷ গুৱাহাটীৰ গণেশগুৰিৰ আৰ পি ৰোডত লোহিত ওজা কমপ্লেক্সত থকা জেবি বেগ কালেকচন নামৰ বেগৰ দোকানখনত ক্রাইম ব্রাঞ্চৰ এটা দলে অভিযান চলাই জব্দ কৰে পুৰণি নোটখিনি ৷ ক্রাইম ব্রাঞ্চৰ এক সূত্রই জনোৱা মতে, বেগৰ দোকানখনত গোপনে জমা কৰি ৰখা ৫৫.৫০ লাখ পুৰণি টকা জব্দ কৰা হৈছে ৷ এই সংক্রান্তত দোকানখনৰ স্বত্বাধিকাৰী শ্বাহজাহান আহমেদ (৪৬) আৰু বিচু কৌৰক (৪৯) আটক কৰা হৈছে ৷ পাঁচশ আৰু এহেজাৰ টকীয়া পুৰণি নোটখিনি দোকানখনত কি কাৰণে জমা কৰি থোৱা হৈছিল, সেই সন্দর্ভত ক্রাইম ব্রাঞ্চে সোধা–পোছা কৰাৰ পিছত জানিব পৰা যাব বুলি সূত্রটোৱে জনায় ৷ উল্লেখ্য যে লোহিত কমপ্লেক্সত ভাৰতীয় ষ্টেট বেংকৰ ট্রেডার্চ শাখাৰ কার্যালয়ৰ তলত থকা বেগৰ দোকানখনত শুকুৰবাৰে ক্রাইম ব্রাঞ্চে পঞ্চাশ লক্ষাধিক পুৰণি নোট জব্দ কৰা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে ৷

You might also like