নিয়মীয়া বাৰ্তা, ২ মার্চঃ নাগৰিকত্ব সংশোধনী আইন আৰু ইনাৰ লাইন পার্মিটক লৈ মেঘালয়ত সৃষ্টি হোৱা উত্তেজনা এতিয়াও মাৰ যোৱা নাই ৷ শুকুৰবাৰ আৰু শনিবাৰে শ্বিলঙকে ধৰি ৰাজ্যখনৰ কেইবাটাও স্থান অগ্নিগর্ভ হৈ উঠাৰ পাছত আজিও এই অঞ্চলসমূহত ক্ষোভৰ জুই উমি উমি জ্বলি আছে ৷ যোৱা দুদিনত সংঘর্ষ আৰু ছুৰিকাঘাতত ৰক্তাক্ত হৈ পৰা পাহাৰীয়া ৰাজ্যখনত নিহতৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পাইছে ৷ দেওবাৰে পুৱতিনিশা প্রায় ৩ বজাত শ্বিলঙৰ ছেলা আৰক্ষী চকীৰ অন্তর্গত পাইকান গাঁৱত সৃষ্টি হোৱা এক ভয়ংকৰ সংঘর্ষত পুনৰ এজন লোকৰ মৃত্যু হয় ৷ সংবাদ প্রতিষ্ঠানৰ বাতৰি অনুসৰি উফাছ উদ্দিন নামৰ ৩৭ বছৰীয়া মৃত ব্যক্তিজন অসমৰ বাসিন্দা ৷ অৱশ্যে তেওঁৰ সম্পূর্ণ পৰিচয় এইপর্যন্ত জানিব পৰা হোৱা নাই ৷ তিনিজনীয়া এটা দুর্বৃত্তৰ দলে উফাছ উদ্দিনক ছুৰীৰে আঘাত কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
ইয়াৰ পূর্বে শনিবাৰেও অসমৰ এগৰাকী শাক–পাচলিৰ ব্যৱসায়ী শ্বিলঙৰ সংঘর্ষত নিহত হৈছিল ৷ ইফালে চাৰি ঘণ্টাৰ বাবে শিথিল কৰাৰ পাছত শনিবাৰৰ পৰা শ্বিলঙত সান্ধ্য আইন পুনৰ জাৰি কৰা হৈছে ৷ ৰাজ্যখনৰ ৬খন জিলাত ইণ্টাৰনেট সেৱাও বাতিল কৰা বুলি চৰকাৰী সূত্রই প্রকাশ কৰিছে ৷ জিলা দণ্ডাধীশ ডব্লিউ নংব্রিয়ে আজি কয় যে শ্বিলং আৰু ইয়াৰ নিকটৱর্তী অঞ্চলসমূহত শান্তি ওভতাই আনিবলৈ প্রচেষ্টা অব্যাহত আছে আৰু শীঘ্রে এই অঞ্চলসমূহলৈ স্বাভাৱিক জীৱনযাত্রা ঘূৰি আহিব৷ উৰাবাতৰি ৰোধ কৰিবলৈ ৬খন জিলাত সাময়িকভাৱে ইণ্টাৰনেট সেৱা আৰু মেছেজিং সেৱা বাতিল কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে৷ মন কৰিবলগীয়া যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা আৰু ইনাৰ লাইন পার্মিটৰ দাবীত আয়োজিত এখন সভাৰ সময়ত শুকুৰবাৰে খাচী ছাত্র সন্থা আৰু অজনজাতীয় সংগঠনৰ মাজত সৃষ্টি হোৱা সংঘর্ষক কেন্দ্র কৰি শ্বিলঙৰ পৰিস্থিতি অগ্নিগর্ভ হৈ উঠে ৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি সংঘর্ষত জড়িত থকাৰ সন্দেহত এতিয়ালৈকে ৮জন লোকক গ্রেপ্তাৰ কৰা হৈছে আৰু ঘটনাৰ তদন্ত অব্যাহত আছে ৷ অঞ্চলটোলৈ শান্তি–শৃংখলা ওভতাই আনিবলৈ স্পর্শকাতৰ অঞ্চলসমূহত কেন্দ্রীয় সুৰক্ষা বাহিনীৰ তিনিটা কোম্পানী নিয়োগ কৰা হৈছে৷ ৰাজ্যপাল তথাগত ৰয় আৰু মুখ্যমন্ত্রী কনৰাড কে চাংমাই ৰাজ্যখনৰ নাগৰিকক শান্তি–শৃংখলা অটুট ৰাখিবলৈ আহ্বান জনাইছে৷ লগতে সংঘর্ষত নিহত লোকৰ পৰিয়াললৈ ২ লাখ টকাৰ সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্রী চাংমাই৷ ইফালে হিংসাজর্জৰ শ্বিলঙৰ পৰা আজি ১৬জন পর্যটকক মেঘালয় চৰকাৰে সফলতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ৰাজ্য চৰকাৰে পর্যটকৰ বাবে এটা হেল্প লাইন নম্বৰো (১৮০০৩৪৫৩৮৪৬) মুকলি কৰিছে ৷