যোৰহাট চিকিৎসা মহাবিদ্যালয়ত সংস্থাপন হ’ব ৬২ খন ICU বেডঃ স্বাস্থ্যমন্ত্ৰী ড০ শৰ্মা
নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ ক’ৰোনাৰ বিৰুদ্ধে তৎপৰতাৰে যুঁজ অব্যাহত ৰাখিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে । তাৰ মাজতে শুকুৰবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ নিয়মীয়া কাম-কাজৰ পৰ্যালোচনা কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই ।
ইয়াৰোপৰি সতীৰ্থ মন্ত্ৰীদ্বয় শ্ৰী অতুল বৰা আৰু শ্ৰী পীযুষ হাজৰিকাৰ সৈতে যোৰহাট চিকিৎসা মহাবিদ্যালয় ভ্ৰমণ কৰি ক’ভিড-১৯ ৰ সংক্ৰমন ৰোধৰ ক্ষেত্ৰত প্ৰস্তুতি সম্পৰ্কে চিকিৎসক, জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে বাৰ্তালাপতো মিলিত হয় ৷
উল্লেখ্য যে এই ভ্ৰমণ কালতে চিকিৎসা মহাবিদ্যালয়খনত একেবাৰে নতুনকৈ ৫০ টা আই চি ইউৰ সংস্থাপনৰ কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে । লগতে পূৰ্বৰ আই চি ইউৰ সৈতে পুনৰ ১২ টা আই চি ইউ দুই-এদিনতে সংযোজন ঘটোৱা হ’ব বুলি তেওঁ উল্লেখ কৰে ।
Visited Jorhat Medical College & Hospital along with MoS Sri @Pijush_hazarika & Min Sri @ATULBORA2. Interacted with doctors, dist admin & health dept officials on #COVID preparedness. Also reviewed ongoing regular operations of the hospital. pic.twitter.com/VqQfdbleRb
— Himanta Biswa Sarma (@himantabiswa) April 3, 2020