নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাৱধানঃ ছ’চিয়েল মিডিয়া যোগে উৰা বাতৰি প্ৰচাৰ কৰা সকলক অসম আৰক্ষীৰ সকীয়নি

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে দেশজুৰি চলি থকা ২১ দিনীয়া লকডাউনৰ সময়ছোৱাত বিভিন্ন ভুৱা বাতৰি প্ৰচাৰ হৈ আহিছে । এই ভুৱা বাতৰিসমূহক লৈ আৰক্ষী-প্ৰশাসনে বাৰম্বাৰ সকীয়নি দি আহিছে যদিও বৰ্তমানো একাংশ দুষ্টচক্ৰই ভুৱা আৰু ভিত্তিহীন কিছুমান খবৰ বিয়পাই জনসাধাৰণক আতংকিত কৰি তুলিছে ।

ইপিনে COVID -19 ক লৈ উৰা বাতৰি প্ৰচাৰ কৰা সকলৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা লোৱাৰ সময়তে ৰাজ্যত আজি পুনৰ এক ভুৱা খবৰ ছ’চিয়েল মিডিয়া যোগে বিয়পি পৰে ।

এই বাৰ্তাটোত কমিউনিকেচন আৰু ডিজিটেল ইক’নমী দপ্তৰৰ মন্ত্ৰী বুলি এটা অস্তিত্বহীন বিভাগে  হোৱাটচ্আপত জনসংযোগৰ নামত এক বাৰ্তা দিয়া বুলি ভুৱা বাতৰি ছ’চিয়েল মিডিয়াত বিয়পোৱা পৰিলক্ষিত হৈছে । এই ভুৱা বাৰ্তাত কোৱা হৈছে যে ৪ এপ্ৰিল ২০২০ৰ পৰা সকলো ফোন কল ৰেকৰ্ড কৰা হ’ব আৰু সকলো ছ’চিয়েল মিডিয়াক নিৰীক্ষণ কৰাৰ লগতে এনড্ৰইড ফোনসমূহ মন্ত্ৰালয়ৰ লগত সংযোগ কৰা হ’ব ।

অৱশ্যে পাছত অসম আৰক্ষীয়ে এয়া ভুৱা প্ৰচাৰ বুলি স্পষ্ট কৰে । লগত অসম আৰক্ষীয়ে এনেধৰণৰ ভুৱা বাৰ্তা ফৰৱাৰ্ড নাইবা সম্প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিবলৈও পুনৰবাৰ আহ্বান জনায়।

উল্লেখ্য যে অসম আৰক্ষীয়ে COVID -19ক লৈ ৰাজ্যত উৰা বাতৰি প্ৰচাৰ কৰা সন্দৰ্ভত বৰ্তমানলৈ ৭টা গোচৰ পঞ্জীয়ন কৰিছে আৰু ৪ জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।

You might also like