শৰবিদ্ধ ১১ বছৰীয়া শিৱাংগিনীক উন্নত চিকিৎসাৰ বাবে দিল্লীৰ এইমছলৈ প্রেৰণ …
নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ চাবুৱাত বুধবাৰে খেলো ইণ্ডিয়াৰ বাবে আর্চাৰী অনুশীলনৰ সময়ত এক মাৰাত্মক অঘটন সংঘটিত হয়৷ শিৱাংগিনী গোহাঁই নামৰ এগৰাকী ১১ বছৰীয়া আর্চাৰী প্রশিক্ষার্থীক অনুশীলনৰ সময়তে আন এগৰাকী প্রশিক্ষার্থীৰ এপাট শৰে আহি বিন্ধাৰ ফলত প্রশিক্ষার্থীগৰাকী অতি গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়৷
উল্লেখ্য যে শিৱাংগিনীয়ে খেলো ইণ্ডিয়াত অংশগ্রহণ কৰিবলৈ আর্চাৰীৰ প্রশিক্ষণ লৈ আছিল আৰু প্রশিক্ষকগৰাকী খেলো ইণ্ডিয়াৰ কার্যসূচীত ব্যস্ত হৈ থকাৰ বাবে প্রশিক্ষণস্থলীত উপস্থিত নাছিল৷
বুধবাৰৰ এই ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে৷ চিকিৎসকে জনোৱা মতে, শৰপাটে শিৱাংগিনীৰ সোঁকান্ধেৰে সোমাই ডিঙি ভেদি ৰাজহাড়ত স্পর্শ কৰি আছে৷ কালি ততাতৈয়াকৈ কণমানি আর্চাৰগৰাকীক ডিব্রুগড়ৰ ব্যক্তিগত চিকিৎসালয় ব্রহ্মপুত্র নার্ছিং হোমত ভর্তি কৰোৱা হয়৷ চিকিৎসালয়খনত অস্ত্রোপচাৰ কৰা হয় যদিও শৰপাটে ৰাজহাড় স্পর্শ কৰি থকাত জটিলতা সৃষ্টি হয়৷
ডাঃ বিকাশ আগৰৱালা, ডাঃ মনীষ সিং, ডাঃ প্রকাশ মহেশ্বৰীয়ে কিশোৰগৰাকীক প্রাথমিক চিকিৎসাৰ লগতে অস্ত্রোপচাৰ কৰাৰ পাছত চিকিৎসক প্রকাশ মহেশ্বৰীয়ে সাংবাদিকক কয় যে বর্তমানে কণমানিগৰাকী সুস্থিৰ অৱস্থাত আছে৷
অৱশ্যে তাৎক্ষণিকভাৱে আর্চাৰগৰাকীলৈ কোনো বিপদ নাহে৷ এই জটিল অস্ত্রোপচাৰৰ বাবে অসমত সা–সুবিধা নথকা বাবে উন্নত চিকিৎসাৰ পৰামর্শ দিয়া হৈছে৷ ধাতুৰ শৰডাল ডিঙি ভেদি গৈছে৷ দিল্লীৰ গংগাৰাম হাস্পতাল বা কইম্বাটোৰ স্পাইন ৰিচার্ছত আন্তঃৰাষ্ট্রীয় পর্যায়ৰ চিকিৎসাৰ বাবে নিয়াৰ পৰামর্শ আগবঢ়ায় চিকিৎসকগৰাকীয়ে৷
ইফালে মুখ্যমন্ত্রীয়ে সমগ্র বিষয়টো গুৰুত্ব সহকাৰে লৈ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে৷ কিশোৰীগৰাকীৰ চিকিৎসাৰ বাবে এইমছলৈ নিয়াৰ সকলো যাৱতীয় ব্যৱস্থা ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কৰি দিয়া বুলি পিতৃ বিৰিঞ্চি গোহঁায়ে জানিবলৈ দিয়ে৷
জানিব পৰা মতে,বৃহস্পতিবাৰে বিয়লি ইণ্ডিগ’ বিমানেৰে দিল্লীৰ এইমছলৈ কিশোৰীগৰাকীক নিয়াৰ ব্যৱস্থা গ্রহণ কৰা হয়৷ ডিব্রুগডৰ ব্যক্তিগত চিকিৎসালয়খনৰ পৰা মোহনবাৰী বিমানবন্দৰলৈ বিশেষ এম্বুলেঞ্চেৰে নিয়াৰ লগতে ইণ্ডিগ’ বিমানেৰে নতুন দিল্লী অভিমুখে নিয়া হৈছে শৰবিদ্ধ শিৱাংগিনী গোহঁাইক৷ কিশোৰীগৰাকীক পৰিয়ালৰ লগতে ৰাজ্য চৰকাৰৰ হৈ স্থানীয় সাংসদ প্রদান বৰুৱাই সংগ দিয়ে৷
আনহাতে, চাবুৱাৰ স্থানীয় বিধায়ক বিনোদ হাজৰিকাই শৰবিদ্ধ কিশোৰীগৰাকীৰ চিকিৎসাৰ বাবে পৰিয়াললৈ নগদ ৪৫,০০০ টকা সাহায্য প্রদান কৰে৷ ইফালে ব্রহ্মপুত্র হাস্পতাল কর্তৃপক্ষই কিশোৰীগৰাকীৰ অস্ত্রোপচাৰৰ সমগ্র খৰচ ৰেহাই দিয়া বুলি পিতৃয়ে সদৰী কৰে৷