সমগ্ৰ দেশতে প্ৰধানমন্ত্ৰীৰ ‘লক ডাউন’ ঘোষণাক আদৰণি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ সমগ্ৰ দেশতে দৈনিক ক’ৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছত ক’ৰোনা প্ৰতিৰোধ সন্দৰ্ভত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰি মঙলবাৰে নিশা ১২ বজাৰ পৰা সমগ্ৰ দেশতে প্ৰযোজ্য হোৱাকৈ ‘লক ডাউন’ ঘোষণা কৰে ।
প্ৰধানমন্ত্ৰীগৰাকীৰ এই সিদ্ধান্তক টুইটযোগে আদৰণি জনাই ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ড০ শৰ্মাই কয় যে – “দেশত ২১ দিনৰ বাবে ‘লক ডাউন’ ৰ দৰে কঠোৰ সিদ্ধান্ত এটা গ্ৰহণ কৰা সন্মানীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক চেল্যুট কৰিছো । এনে এক কঠোৰ সিদ্ধান্ত লোৱাৰ সময়ত দ্বিতীয়বাৰ চিন্তা নকৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াক পাছৰ প্ৰজন্মই বিশ্বৰ এজন শক্তিশালী নেতা ৰূপে মনত ৰাখিব ।”
Difficult times~difficult measures!
Salute PM Sri @narendramodi for having shown remarkable audacity in announcing a lockdown of 21 days. Posterity shall remember PM as world’s most determined & resolute leader who doesn’t think twice in taking tough calls.#IndiaFightsCorona
— Himanta Biswa Sarma (@himantabiswa) March 24, 2020