নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংবাদমেল সম্বোধন কৰি দেশবাসীক কি কি আহ্বান জনালে প্ৰধানমন্ত্ৰী মোদীয়ে-

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ সমগ্ৰ দেশতে দৈনিক ক’ৰোনাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছত ক’ৰোনা প্ৰতিৰোধ সন্দৰ্ভত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰে । এই সংবাদমেলত প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশবাসীক আহ্বান কৰে এনেদৰে-

  • মঙলবাৰে নিশা  ১২ বজাৰ পৰা সমগ্ৰ দেশত লক ডাউন
  • সমগ্ৰ দেশতে ২১ দিনলৈ হ’ব এই লক ডাউন
  • ক’ৰোনাক সমগ্ৰ দেশতে প্ৰতিৰোধ কৰিবৰ বাবে এই কঠোৰ সিদ্ধান্ত লোৱা হৈছে
  • এয়া কঠোৰ সিদ্ধান্ত যদিও আপোনালোকৰ তথা দেশৰ প্ৰতিজন লোকৰ জীৱনক বচোৱাটো আমাৰ লক্ষ্য
  • সেয়ে আপুনি দেশৰ যি স্থানতেই আছে, তাতেই থাকক
  • সম্ভাৱ্য পৰিস্থিতিৰ বাবে জীৱন বচাবলৈ অহা ২১ দিনলৈ ঘৰৰ পৰা ওলাবলৈ আপোনালোকে পাহৰি যাওক
  • ঘৰৰ চৌহদৰ পৰা ওলোৱা আপোনাৰ এটা খোজে, আপোনাৰ শৰীৰলৈ ক’ৰোনা ভাইৰাছ কঢ়িয়ায় আনিব
  • এই সময়ছোৱা সকলো ৰোগীৰ বাবেই হ’ব আটাইতকৈ গুৰুত্বপূৰ্ণ
  • মোৰ সমগ্ৰ দেশবাসীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে যে সকলোৱে লক ডাউনৰ সময়ত প্ৰযোজ্য হোৱা নিয়মসমূহ পালন কৰিব
  • আপুনি নিজৰ লগতে পৰিয়ালৰ সকলো লোককে সুৰক্ষিত কৰি ৰাখক

You might also like